ধুবুৰী,14 জুলাইঃসোমবাৰে নিশা দক্ষিণ শালমাৰা আৰক্ষীয়ে ব্যাপক অভিযান চলাই ভাৰত বাংলাদেশ সীমান্তৰ পৰা ৪ জন গৰুৰ চোৰাং বেপাৰীক আটক কৰে আৰু লগতে ১০ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। চোৰাং গৰুৰ বেপাৰী কেইজন হল নুৰুল ইছলাম,নুৰ জামাল,খাইবুৰ হুছেইন আৰু নুৰ শ্বেখ।
ধুবুৰীত চোৰাং গৰুসহ চাৰিজনক গ্ৰেপ্তাৰ - INDI BANGLADESH BOARDER
ভাৰত বাংলাদেশ সীমান্তত দক্ষিণ শালমাৰা আৰক্ষীৰ ব্যাপক অভিযান। ৪ জন চোৰাং বেপাৰী সহ ১০ টা গৰু জব্দ। আনফালে বিএছএফৰ অভিযানত ৪ জন গৰুৰ চোৰাং বেপাৰী সহ ১৫ টা গৰু জব্দ
ধুবুৰীত চোৰাং গৰুসহ চাৰিজনক গ্ৰেপ্তাৰ
উল্লেখযোগ্য যে,বানপানীৰ সুযোগ লৈ উন্মুক্ত নদী পথেৰে বাংলাদেশলৈ গৰুৰ চোৰাং চালান দি থকাৰো সন্দেহ কৰা হৈছে ৷ সোমবাৰৰ ঘটনাই পুনৰ প্ৰমাণ কৰিলে বাংলাদেশলৈ অসমৰ পৰা চলি থকা গৰুৰ চোৰাং বেহাৰ কথা ৷