অসম

assam

ETV Bharat / city

ধুবুৰীত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি - ৰেপিড এন্টিজেন টেষ্ট

ধুবুৰীত ৯ জনলৈ বৃদ্ধি কৰ’ণাl আক্ৰান্তৰ সংখ্যা । জিলাখনত বলৱৎ ১৪৪ ধাৰা ।

কভিড-19 : ধুবুৰী জিলাত বলবৎ ১৪৪
কভিড-19 : ধুবুৰী জিলাত বলবৎ ১৪৪

By

Published : Apr 11, 2021, 9:21 PM IST

ধুবুৰী,11 এপ্ৰিল:দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাতো নতুনকৈ ৬ জনৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে । ফলত জিলাখনত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায় । উল্লেখ্য যে, পূৰ্বে জিলাখনত তিনিজনকৈ লোকৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছিল । ইপিনে ৰাজ্য চৰকাৰে প্ৰতিদিনে প্ৰায় এক লাখ লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা আৰু আৰটিপিচিআৰ পৰীক্ষা কৰাৰ লক্ষ্য স্থিৰ কৰিছে ৷ সেই অনুসৰি ধুবুৰীৰো বিভিন্ন স্থানত ক’ভিডৰ পৰীক্ষা কৰা হয় ।

জিলাখনৰ স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি, ধুবুৰী অসামৰিক চিকিৎসালয়ত ১০০ জন, হালাকুৰাত ৫৭৮ জন, গোলকগঞ্জত ৭৫৯ জন, চাপৰত ৩৫৭ জন, ৰাণীগঞ্জত ৪১০ জন, ধৰ্মশালাত ১০৫৬ জনক ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে দক্ষিণ শালমাৰাতো ১০২৪ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ।

অবিভক্ত জিলাখনত মাত্ৰ এটা দিনতেই মুঠ ৪৩২৫ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰে ৬ জনৰ দেহত ধৰা পৰে ক’ভিড-১৯ ৰ অৱস্থিতি ৷ ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায় । ক’ভিড মহামাৰীৰ বাবে জিলাখনত ১৪৪ ধাৰা বলৱৎ কৰিছে ধুবুৰী জিলা প্ৰশাসনে ।

লগতে পঢ়ক :ক'ভিড সম্পৰ্কে অৰবিন্দ কেজৰিৱালৰ সংবাদমেল

ABOUT THE AUTHOR

...view details