ধুবুৰী, 14 জানুৱাৰী : দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ (Covid 19 cases increase in India) হাৰ ৷ সমান্তৰালভাৱে ৰাজ্যৰ ক'ভিড পৰিস্থিতিও ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে । দিনক দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Assam) । বিশেষকৈ পহিলা জানুৱাৰীৰ পৰা সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক'ৰণা মহামাৰীয়ে (Covid cases increase in Dhubri) । বৃহস্পতিবাৰে ধুবুৰীত প্ৰায় 72 জন লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ শেহতীয়াকৈ ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো সৃষ্টি হৈছে ক'ৰণাৰ আতংক ৷ যাৰ ফলত উপায়ুক্তৰ কাৰ্য্যালয়ত "ন' কোভিড টেষ্ট, ন' এণ্ট্ৰি " ফলক লগাইছে প্ৰশাসনে ।
ইয়াৰোপৰি উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশৰ বাবে কৰাব লাগিব ক'ভিড টেষ্ট ৷ দেখুৱাব লাগিব ক'ভিড ভেকচিনৰ প্ৰমাণপত্ৰ ৷ ইতিমধ্যে স্বাস্থ্য বিভাগৰ এটা দলে প্ৰতিদিনে উপায়ুক্তৰ কাৰ্য্যালয়ত বিভিন্ন কামৰ বাবে অহা লোক সকলক ক'ভিড টেষ্ট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷