অসম

assam

ETV Bharat / city

কৰ'ণা ভাইৰাছক লৈ আস্থাৰ ব্যতিক্ৰমী সজাগতা সভা - কৰ'ণা ভাইৰাছ

ভয়াৱহ কৰ'ণা ভাইৰাছক লৈ ক্ৰমাৎ ৰাইজৰ মাজত আতংক বিৰাজ কৰাৰ সময়তে ৰাইজৰ মাজত ব্যতিক্ৰমী সজাগতা কাৰ্যসূচী ৰূপায়ণ আস্থা গোটৰ ।

কৰ'ণা ভাইৰাছক লৈ আস্থাৰ ব্যতিক্ৰমী সজাগতা সভা
কৰ'ণা ভাইৰাছক লৈ আস্থাৰ ব্যতিক্ৰমী সজাগতা সভা

By

Published : Mar 21, 2020, 6:16 PM IST

Updated : Mar 21, 2020, 11:51 PM IST

ধুবুৰী, 21 মাৰ্চ: সাধাৰণ ৰাইজৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ আতংক । এনে সময়তে ধুবুৰী আৰক্ষীৰ সহযোগত ধুবুৰীৰ আস্থা গোটৰ ফালৰ পৰা সভাপতি বিশ্বজিৎ দাস আৰু সম্পাদিকা দেৱলীন ভট্টাচাৰ্যৰ নেতৃত্বত এক ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস ।

কৰ'ণা ভাইৰাছক লৈ আস্থাৰ ব্যতিক্ৰমী সজাগতা সভা
আস্থাৰ ব্যতিক্ৰমী সজাগতা সভা

কৰ’ণা ভাইৰাছৰ লক্ষণ আৰু আক্ৰান্ত হ’লে ৰাইজে ভয় নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ শ্ল’গানেৰে বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰে আস্থা গোটৰ কৰ্মকৰ্তা সকলে ।

কৰ'ণা ভাইৰাছক লৈ আস্থাৰ ব্যতিক্ৰমী সজাগতা সভা

ইপিনে বাটৰ নাটৰ পিছতেই ৰাজপথত পথচাৰী ৰাইজৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে আস্থা গোটৰ সদস্য সদস্যা সকলে । উল্লেখযোগ্য যে, আস্থা গোটৰ এনে পদক্ষেপক শলাগ লৈছে সকলোৱে ।

কৰ’ণা ভাইৰাছ: পাঁচ যুৱককলৈ আতংক যোৰাবাটৰ মিছিং বস্তিত

Last Updated : Mar 21, 2020, 11:51 PM IST

ABOUT THE AUTHOR

...view details