ধুবুৰী, 6 ছেপ্তেম্বৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অধীনস্থ বন্দিহানা আৰক্ষী চকীৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা ৷ নিশা প্ৰায় 3 মান বজাত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ আৰক্ষী বিষয়াজন ধুবুৰীৰ গোলকগঞ্জৰ বিচনদৈ দ্বিতীয় খণ্ড গাঁৱৰ খনিন্দ্ৰ চন্দ্ৰ ৰায় ৷ ঘটনাৰ পাচতে বন্দিহানা আৰক্ষী চকীত উপস্থিত হয় দক্ষিণ শালমাৰা আৰক্ষী আৰু দণ্ডাধীশ ৷
ফকিৰগঞ্জৰ বন্ধিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ আত্মহত্যা !
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অধীনস্থ বন্দিহানা আৰক্ষী চকীৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা ৷ আৰক্ষী বিষয়াজন ধুবুৰীৰ গোলকগঞ্জৰ বিচনদৈ দ্বিতীয় খণ্ড গাঁৱৰ খনিন্দ্ৰ চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে ৷
ফকিৰগঞ্জৰ বন্ধিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা
আৰক্ষী চকীৰ বাথৰুমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা আৰক্ষী বিষয়া জনৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰা হৈছে ৷ দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰাৰ পাচতহে সমগ্ৰ ঘটনাৰ আঁৰৰ তথ্য পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে ৷ আনহাতে, বিষয়া গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
Last Updated : Sep 6, 2019, 7:49 PM IST