ধুবুৰী, 25 আগষ্ট :শীঘ্ৰেই কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব পাৰে কোচবিহাৰ । লোকসভা নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰিব কোচবিহাৰক । এইদৰেই গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক মুৰব্বী তথা মহাৰাজ অনন্ত ৰায়ে(Cooch king Ananta Rai Maharaj) মহাবিস্ফোৰণ ঘটোৱাৰ পিছতেই অসম আৰু পশ্চিমবংগৰ বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, অসম আৰু পশ্চিমবংগৰ চৈধ্যখনকৈ জিলাক সামৰি লৈ কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব বুলি মহাৰাজ অনন্ত ৰায়ে সংবাদ মাধ্যমত ঘোষণা কৰে(Cooch Behar will become a separate union territory) ।
মহাৰাজ অনন্ত ৰায়ে উল্লেখ কৰা মতে ১৯৯৮ চনত গঠন হোৱা গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছ’চিয়েছনে আৰম্ভণিতেই পৃথক কোচবিহাৰ ৰাজ্য গঠনৰ দাবী কৰি আহিছিল । তেতিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ উপৰিও তদানীন্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু পৰৱৰ্তী কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ৰাজনাথ সিং আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী অমিত শ্বাহৰ সৈতেও কেইবালানি বৈঠক অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰে মহাৰাজ অনন্ত ৰায়ৰ লগতে গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছ’চিয়েছনৰ সভাপতি আৰু সম্পাদকে ।
ইপিনে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ যাৱতীয় কাম প্ৰায় সম্পন্ন কৰি তুলিছে বুলি উল্লেখ কৰি আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰাৰ আশ্বাস প্ৰদান কৰা বুলিও মহাৰাজে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত । মহাৰাজ অনন্ত ৰায়ে উল্লেখ কৰা মতে, পশ্চিমবংগৰ মালদা, দক্ষিণ দিনাজপুৰ, উত্তৰ দিনাজপুৰ, জলপাইগুৰি, দাৰ্জিলিং, কলিংপং, আলিপুৰ দুৱাৰ, কোচবিহাৰক সামৰি লোৱা হৈছে কোচবিহাৰত । আনহাতে অসমক দ্বিখণ্ডিত কৰি নামনি অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁৱক সামৰি লৈ গঠন কৰা হ’ব কোচবিহাৰ ৰাজ্য ।