অসম

assam

ETV Bharat / city

সাংবাদিক ৰাজীৱ শৰ্মাৰ ঘৰত উপস্থিত কংগ্ৰেছ নেতা আৰু আছুৰ সভাপতি

সাংবাদিক ৰাজীৱ শৰ্মাৰ পিতৃৰ অকাল মৃত্যুৰ ঘটনাক চি বি আই তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ নেতা ৱাজেদ আলী চৌধুৰীৰ। অতিশীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত লোকক উচিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী কৰিছে কংগ্ৰেছ নেতাজনে ৷

Congress Leader Owajed Ali Chowdhary  And AASU PresidentAttended At Dhubri
সাংবাদিক ৰাজীৱ শৰ্মাৰ ঘৰত উপস্থিত কংগ্ৰেছ নেতা আৰু আছুৰ সভাপতি

By

Published : Jul 18, 2020, 10:49 PM IST

Updated : Jul 19, 2020, 8:29 AM IST

ধুবুৰী, 18 জুলাইঃ সাংবাদিক ৰাজীৱ শৰ্মাৰ গৌৰীপুৰৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰী ৷ সাংবাদিক গৰাকীৰ পিতৃৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰাৰ লগতে পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছ নেতা জনে ৷

সাংবাদিক ৰাজীৱ শৰ্মাৰ ঘৰত উপস্থিত কংগ্ৰেছ নেতা আৰু আছুৰ সভাপতি

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশ মৰ্মে শনিবাৰে সাংবাদিক ৰাজীৱ শৰ্মাৰ গৌৰীপুৰত অৱস্থিত বাসগৃহত উপস্থিত হয় কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীসহ জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ আৰু জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইন মণ্ডল। কংগ্ৰেছ নেতা ৱাজেদ আলি চৌধুৰীয়ে সাংবাদিক ৰাজীৱ শৰ্মাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ এনে কাৰ্যক গৰিহণা দিয়ে । সাংবাদিকৰ আগত কংগ্ৰেছ নেতা ৱাজেদে আলীয়ে মন্তব্য কৰে যে,এতিয়া অসমত জংঘলৰাজ চলিছে লগতে এগৰাকী সাংবাদিকক নিশা কুখ্যাত অপৰাধীৰ দৰে ঘৰৰ পৰা উঠাই নি গ্ৰেপ্তাৰৰ পিছতেই সাংবাদিক গৰাকীৰ পিতৃৰ অকাল মৃত্যু হয় ৷ কেবল আৰক্ষী বিষয়াক বদলি কৰিলেই চৰকাৰ খনে দায়িত্ব সামৰা বুলি কটাক্ষ কৰে নেতাজনে ৷ তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আৰু জিলা বন বিষয়াসহ দোষী সকলক চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব ৷ তাৰোপৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰি শাস্তি বিহিব লাগিব বুলি দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা ৱাজেদ আলীয়ে । ইপিনে এটা সময়ত কংগ্ৰেছ চৰকাৰৰ বদনাম কৰি কৰি বিজেপি জয়ী হৈছিল ৷ আৰু অসমবাসীয়ে ভাবিছিল যে বিজেপি চৰকাৰে গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰিব। যদিও সেয়া বাস্তৱত পৰিণত নহ'ল । ইয়াৰ বিপৰীতে এশ গুণ বৃদ্ধিহে পালে বুলি ক্ষোভ প্ৰকাশ কৰে ৱাজেদে । লগতে কয় যে,মই নিজে প্ৰত্যক্ষ কৰিছো যে,ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ বিভিন্ন স্থানেৰে চোৰাং গৰু সৰবৰাহ হয় । তেনে চোৰাং সৰবৰাহৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হ'ল । গতিকে জংঘল ৰাজৰ অৱসান এজন বিষয়াক বদলি কৰিলেই শেষ নহ'ব বুলি ক্ষোভ প্ৰকাশ কৰে ৱাজেদ আলী চৌধুৰীয়ে । লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰাত চলি থকা বিভিন্ন ছিণ্ডিকেটৰ চেইন দিছপুৰ লৈকে আছে বুলি দাবী কৰি এই ঘটনাক চি বি আই তদন্ত বিচাৰে অসম প্ৰদেশ কংগ্ৰেছ দলৰ পৰা । ইপিনে সাংবাদিক ৰাজীৱক নিশা ঘৰৰ পৰা উঠাই নিয়াৰ পিছতেই অকলশৰীয়া ৰোগীয়া পিতৃৰ মৃত্যুৰ প্ৰসংগত কংগ্ৰেছ নেতা ৱাজেদে কয় যে এয়া এক হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডত জড়িত সকলক বদলি নহয় চাকৰিৰ পৰা নিলম্বিত কৰি গ্ৰেপ্তাৰ কৰিব লাগিব। আনহাতে সাংবাদিক পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে ।

সাংবাদিক ৰাজীৱ শৰ্মাৰ ঘৰত উপস্থিত কংগ্ৰেছ নেতা আৰু আছুৰ সভাপতি

ঠিক একেদৰে সাংবাদিক ৰাজীৱ শৰ্মাৰ বাসগৃহত উপস্থিত আছুৰ সভাপতি দীপাংকৰ নাথ। এই পৰিকল্পনা ঘটনাৰ আঁৰত আছে অদৃশ্য শক্তি এই অদৃশ্য শক্তি উৎখাত কৰিবলৈ দাবী জনাই ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে। সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

তেওঁ কয় যে,এগৰাকী সাহসী সাংবাদিকক ধুবুৰী আৰক্ষীয়ে গুপ্ত ঘাতকে লৈ যোৱাৰ দৰে ঘৰৰ পৰা উঠাই নি মানসিক নিৰ্যাতন দিয়াৰ লগতে গ্ৰেপ্তাৰ কৰিছে। সেই ঘটনাক আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্র ভাষাৰে গৰিহণা দিছো। লগতে এই পৰিকল্পিত ঘটনাটোৰ আঁৰত এটা অদৃশ্য শক্তি জড়িত আছে। এই বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে। প্ৰথমে আছুৰ সভাপতি গৰাকীয়ে সাংবাদিক ৰাজীৱ শৰ্মাসহ তেওঁৰ ভাতৃক সাক্ষাৎ কৰি ঘটনাৰ দুখ প্ৰকাশ কৰাৰ লগতে পিতৃৰ বিয়োগত সমবেদনা জ্ঞাপন কৰে। ইপিনে সাংবাদিকৰ আগত আছুৰ সভাপতি গৰাকীয়ে এয়া পৰিকল্পিত ঘটনা বুলি দাবী কৰি ইয়াৰ আঁৰত অদৃশ্য শক্তি জড়িত থকা বুলি দাবী কৰে। লগতে অতি শীঘ্ৰেই তদন্ত কৰি এই অদৃশ্য শক্তিক উৎখাত কৰাৰ দাবী জনায় চৰকাৰক।

আনহাতে দীৰ্ঘ বছৰৰ পৰা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৰুৰ ছিণ্ডিকেটৰ লগতে বন ছিণ্ডিকেট আদি বহু ছিণ্ডিকেট চলি আহিছে। সেই লৈ ইয়াৰ সাংবাদিক সকলে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰি আহিছে বুলি উল্লেখ কৰি এই চোৰাং ছিণ্ডিকেটৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব বুলি দাবী উত্থাপন কৰে আছুৰ সভাপতি গৰাকীয়ে। লগতে আছুৰ সভাপতি গৰাকীয়ে কয় যে এগৰাকী সাংবাদিকক অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰি মানসিক নিৰ্যাতন কৰাৰ লগতে সাংবাদিক পৰিয়ালে নিজৰ পিতৃক হেৰুৱাব লগীয়া হ'ল, সেই বিচাৰ আৰু ন্যায় কিন্তু অসমৰ ৰাইজে পাব লাগিব। ইপিনে অসম চৰকাৰে ছিণ্ডিকেটৰ তদন্তৰ বাবে এছ আই টি গঠন সন্দৰ্ভl আছুৰ সভাপতি গৰাকীয়ে কয় জিলা খনত বিভিন্ন ক্ষেত্ৰত গঢ়ি উঠা বিশাল ছিণ্ডিকেটৰ তদন্তৰ বাবে কেবল এছ আই টি গঠন কৰিলেই নহ'ব। ইপিনে গোচৰটো ইতিমধ্যে চি আই ডিক হস্তান্তৰ কৰা সন্দৰ্ভত তেওঁ কয় এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে গুৰুত্ব দিব লাগিব। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এগৰাকী সাহসী সাংবাদিকৰ মুখৰ মাত বন্ধ কৰিব বিচাৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি ইয়াত জড়িত সকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব বুলি দাবী উত্থাপন কৰে আছুৰ সভাপতি দীপাংকৰ নাথে।

ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মা আজি তিনিদিনৰ মূৰত পুনৰ ধুবুৰী আদালতত হাজিৰ হোৱাৰ পিছত আদালতে ৰাজীৱ শৰ্মাৰ জামিনৰ সময়সীমা আৰু চাৰিদিন বৃদ্ধি কৰে। অহা ২২ জুলাইলৈকে অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰে অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালতে। চাৰিদিনলৈকে অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰি অহা ২২ জুলাইৰ দিনা পুনৰ আদালতত হাজিৰ হ'ব লাগিব বুলি ৰায় দিয়ে আদালতে। ইপিনে আদালতৰ পৰা ওলাই আহি সাংবাদিকৰ আগত আইনী প্ৰক্ৰিয়া আৰু দেশৰ ন্যায়পালিকাৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস আছে বুলি কৈ সত্যৰ সদায় জয় হব বুলি উল্লেখ কৰে সাংবাদিক ৰাজীৱ শৰ্মাই।

লগতে পঢ়ক- সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বৰপেটাৰোড প্রেছ ক্লাৱৰ গৰিহণা

Last Updated : Jul 19, 2020, 8:29 AM IST

ABOUT THE AUTHOR

...view details