অসম

assam

ETV Bharat / city

ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান - জাহান উদ্দিন

ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান ৷ ধুবুৰী সমষ্টিত এ আই ইউ ডি এফক এৰি দিয়াক লৈ ধুবুৰী কংগ্ৰেছৰ ভিতৰ চ’ৰাত জ্বলিছে ক্ষোভৰ জুই ৷

ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান
ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান

By

Published : Mar 24, 2021, 2:19 PM IST

ধুবুৰী,24 মাৰ্চ: নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়া । কংগ্ৰেছ নেতা সহ সহস্ৰাধিক কৰ্মীৰ বিজেপিত যোগদান । ধুবুৰীৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ জাহান উদ্দিনে যোগদান কৰিলে বিজেপিত ।

ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান

জাহান উদ্দিনৰ লগতে তেওঁৰ সহস্ৰাধিক সমৰ্থক তথা কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে । নিশা ধুবুৰী সমষ্টিৰ ধৰ্মশালা অঞ্চলত অনুষ্ঠিত হোৱা বিজেপিৰ এখন নিৰ্বাচনী সভাত বিজেপিৰ প্ৰাৰ্থী ডাঃ দেৱময় সান্যালৰ উপস্থিতিত জাহান উদ্দিনে বিজেপিত যোগদান কৰে । ধুবুৰী সমষ্টিত এ আই ইউ ডি এফক এৰি দিয়াক লৈ ধুবুৰী কংগ্ৰেছৰ ভিতৰ চ’ৰাত জ্বলিছে ক্ষোভৰ জুই । কাৰণ ধুবুৰী সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ আছিল প্ৰাক্তন বিধায়ক জাহান উদ্দিন । উল্লেখ্য যে, দুদিনমান পূৰ্বেও বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে ক্ষুব্ধ হৈ বিজেপিত যোগদান কৰে ।

লগতে পঢ়কঃহিমন্ত বিশ্ব শৰ্মা এইবাৰ জিৰ' হৈ যাব: হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details