বিলাসীপাৰা 19 মাৰ্চ : সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ হ'ব কিং মেকাৰ ৷ কংগ্ৰেছৰ সমৰ্থন অবিহনে কোনো এটা দলেও পৰিষদ গঠন কৰিব নোৱাৰে ৷ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ ৷ বুধবাৰে নিশা প্ৰায় দহ মান বজাত বিলাসীপাৰাৰ সোণামুখীত উপস্থিত হৈ এই দৰে মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ বি টি চি পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত কেইবাটাও সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশ গ্ৰহণ কৰে ৰকিবুল হুছেইনে ৷
বি টি চিৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ হ'ব কিং মেকাৰ !
কংগ্ৰেছে ৰক্ষা কৰিব বি টি চি পৰিষদীয় নিৰ্বাচন ৷ কংগ্ৰেৰ সহযোগ অবিহনে কোনো এটা দলে গঠন কৰিব নোৱাৰিব পৰিষদ ৷ 2021 পুনৰ শাসনলৈ আহিব কংগ্ৰেছ ৷ 'কা' বিৰোধী শক্তিৰে গঠন কৰিব চৰকাৰ ৷
বি টি চি'ৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ হব কিং মেকাৰ
পূৱ বিলাসীপাৰাৰ যুৱ কংগ্ৰেছী নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশ্বাহৰ বাসগৃহত উপস্থিত হৈ দলীয় সতীৰ্থৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা যায় | সাংবাদিকৰ আগত নেতা গৰাকীয়ে কয় আগন্তুক ২০২১ ৰ নিৰ্বাচনত ৰাজ্যত 'কা' বিৰোধী শক্তি একত্ৰিত হৈ বিজেপিক অসমৰ পৰা উৎখাত কৰিব ৷ কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব এখন শক্তিশালী চৰকাৰ ৷
লগতে পঢকঃ শিষ্যৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আগবাঢ়ি আহিল শিক্ষক