ধুবুৰী, 13 ছেপ্তেম্বৰ:ধুবুৰীৰ আগমনিৰ বটেৰহাটত বিনামূলীয়া আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ । ধন নিদিলে ৰাইজক হাৰাশাস্তি কৰৰ অভিযোগ স্থানীয় জনতাৰ ।
অভিযোগ অনুসৰি এখন আধাৰ কাৰ্ডৰ নামত পাচঁশ টকাৰ পৰা ডেৰ হেজাৰ টকাকৈ সংগ্ৰহৰ কথা পোহৰলৈ আহিছে । একাংশ দালালৰ জৰিয়তে দুখীয়া ৰাইজৰ পৰা অবৈধভাৱে ধন সংগ্ৰহত নামিছে একাংশ বিভাগীয় বিষয়া-কৰ্মচাৰীও । ধনৰ বিনিময়ত আধাৰ কাৰ্ড প্ৰদানক কেন্দ্ৰ কৰি বটেৰহাটত প্ৰত্যক দিনাই হুলস্থুলীয়া পৰিৱেশ ।