পূৱ বিলাসীপাৰা,৬ মে': বুধবাৰে পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত খুটাপাৰাৰ পৰা তিনি ড্ৰাগছ ব্যৱসায়ীক চাপৰ আৰক্ষীয়ে ৰাইজৰ সহযোগত আটক কৰে । আটকাধীন ব্যৱসায়ীসকলক নিশাটো চাপৰ আৰক্ষী থানাৰ লক আপত ৰখা হয় ৷
চাপৰ আৰক্ষী থানাত কৰ’ণাতংক - আৰক্ষী থানা
চাপৰত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ আটক হোৱা ব্যক্তিৰ দেহত ধৰা পৰে ক'ৰণাৰ অৱস্থিতি ৷ শংকিত চাপৰ থানাৰ আৰক্ষী ৷
চাপৰ আৰক্ষী থানাত কৰ’ণাতংক
বৃহস্পতিবাৰে পুৱা ড্ৰাগছ ব্যৱসায়ী তিনিওজনক স্বাস্থ্য পৰীক্ষা কৰিবলৈ চাপৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত লৈ নিয়া হয় ৷ পৰীক্ষাৰ অন্তত মিনাৰ আলী নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ পিছতে চাপৰ থানাৰ জোৱানসকলৰ মাজত কৰ’ণাতংক পৰিস্থিতিৰ সৃষ্টি হয় ৷ সম্প্ৰতি মিনাৰ আলীক ক’ভিড-১৯ চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে যো-জা চলাইছে চাপৰ আৰক্ষীয়ে ৷