ধুবুৰীত বিজেপিৰ সেৱা সপ্তাহ - প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিছে সেৱা সপ্তাহ
প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিছে সেৱা সপ্তাহ ৷
ধুবুৰী, 15 ছেপ্তেম্বৰ: সমগ্ৰ দেশৰ লগতে ধুবুৰীতো পূৰ্ণগতিত চলিছে আগন্তুক 17 ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে বিজেপিয়ে আৰম্ভ কৰা সেৱা সপ্তাহ ৷ অহা 20 ছেপ্তেম্বৰলৈকে চলিব লগা এই সপ্তাহৰ লগত সংগতি ৰাখি ধুবুৰী জিলা বিজেপিয়েও পৰা আৰম্ভ কৰিছে সেৱা সপ্তাহ কাৰ্যসূচী ৷ শনিবাৰে ৰক্তদান শিবিৰৰ কাৰ্য্যসূচীৰ পিছত আজি ধুবুৰী চহৰত আয়োজন কৰা হয় বিনামূলীয়া চিকিৎসা শিবিৰ । জিলা উপ-সভাপতি ডাঃ দেৱময় সান্যালকে ধৰি কেইবাজনো চিকিৎসকে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ শিবিৰত বিভিন্ন ৰোগৰ বিনামূলীয়া পৰীক্ষা কৰি দৰৱ আদিও বিতৰণ কৰা হয় ৷ উল্লেখযোগ্য যে, বিজেপিৰ এই সপ্তাহজোৰা সেৱা কাৰ্য্যসূচীৰ বাবে বিনামূলীয়া ঔষধৰ যোগান ধৰিছে দেশৰ বিভিন্ন দৰব কোম্পানীয়ে ৷