অসম

assam

ETV Bharat / city

বিলাসীপাৰাত AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ - এআইইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ

বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ(Congress protest at Bilasipara) । এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ(AIUDF supremo Badruddin Ajmal's effigy burnt) কংগ্ৰেছ কৰ্মীৰ ।

AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ
AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ

By

Published : Apr 4, 2022, 12:03 PM IST

বিলাসীপাৰা, 4 এপ্ৰিল : ৰাজ্যসভা নিৰ্বাচন 2022ত(Assam Rajya Sabha election 2022) এআইইউডিএফৰ ৫ গৰাকী বিধায়কে কংগ্ৰেছ দলৰ লগত চূড়ান্ত বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি সোমবাৰে বিলাসীপাৰা জিলা কংগ্ৰেছ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিলাসীপাৰাৰ মামা বজাৰত নায়েৰ আলগা ব্ল’কত শ শ কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দলটোৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷

কংগ্ৰেছ কৰ্মীসকলে এআইইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰে(AIUDF supremo Badruddin Ajmal's effigy burnt) ৷ তেওঁলোকে এআইইউডিএফৰ ৫ বিধায়কক অতিশীঘ্ৰে দলৰ পৰা নিলম্বন কৰাৰ দাবী কৰে ৷ প্ৰতিবাদকাৰীসকলে লগতে বিধায়ককেইজনক দলৰ পৰা নিলম্বন নকৰিলে আজমলক ধুবুৰীত প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনৰ সামৰণি পৰিল যদিও অন্ত পৰা নাই ৰাজনৈতিক দল দুটাৰ বাদ-বিবাদ ৷ এই নিৰ্বাচনটোৱে যেন এক প্ৰকাৰ তচনচ কৰি পেলালে বিৰোধীৰ ঐক্যক ৷ বৰ্তমান পাৰস্পৰিক বিশ্বাস হেৰুৱাই দলীয় সংঘাতত লিপ্ত হৈছে কংগ্ৰেছ-এআইইউডিএফ (Congress AIUDF clash in Assam) ৷

বিলাসীপাৰাত AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ

কংগ্ৰেছৰ অভিযোগ অনুসৰি এআইইউডিএফৰ 5 জন বিধায়কে ধনৰ বিনিময়ত ভোট দিছে বিজেপিক ৷ ৰিপুণ বৰাক বিশ্বাসঘাটকতা কৰা বুলি আজমল বাহিনীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে কংগ্ৰেছে ৷ লগতে ছিদ্দিক আহমেদকো নিলম্বন কৰিছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই ৷

অভিযোগ মতে, এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু সোনাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই আগ-ভাগ লৈছিল বিধায়ক বেচা-কিনাত ৷ যাৰবাবে এতিয়া কংগ্ৰেছে কঠোৰ সমালোচনা কৰিছে এআইইউডিএফক ৷

লগতে পঢ়ক :কলগাছিয়াত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details