ধুবুৰী জিলাৰ বিলাসীপাৰাত দিনে দিনে বাঢ়িছে গৰু চুৰি ছিণ্ডিকেট চক্ৰৰ সন্ত্ৰাস। প্ৰতিদিনে বিলাসীপাৰাৰ মাজেৰে বাংলাদেশ লৈ গৰু চোৰে চালান কৰি আহিছে বহু সংখ্যক গো-ধন। আৰক্ষীৰ ৰহস্যজনক নীৰৱ ভূমিকাক সন্দেহ বিভিন্ন দল সংগঠনৰ। একে সময়তে বিলাসীপাৰা আৰক্ষীয়ে মঙ্গলবাৰে নিশা অতৰ্কিতে অভিযান চলাই আটক কৰে গৰু চুৰি ছিণ্ডিকেটেৰে জড়িত ৪ জনকৈ লোকক আৰু লগতে জব্দ কৰে বাংলাদেশ অভিমুখী ১৫ টা কৈ গো ধন।
বিলাসীপাৰাত সক্ৰিয় গৰু চুৰি চক্ৰ: চাৰি জনক আটক - গৰু চুৰি ছিণ্ডিকেট
বৃদ্ধি পাইছে গৰু ব্যৱসায়ী ছিণ্ডিকেট চক্ৰৰ প্ৰকোপ। বাংলাদেশত বিক্ৰী কৰা হয় চুৰি কৰা গৰু। ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷
বিলাসীপাৰাত সক্ৰিয় গৰু ব্যৱসায়ী চক্ৰ: চাৰি জন আটক
আৰক্ষী বিষয়া ভাগ্য ডেকা, আলকাছ আলীৰ নেতৃত্বত যোৱা দলটোৰ অভিযানত আটক হয় ক্ৰমে মিৰুদ্দিন সেখ, মন্নাত আলী, ছাত্তাৰ আলী আৰু বাদশা শ্বেখ। উল্লেখযোগ্যযে আৰক্ষীয়ে ঘটনাৰ বিষয়ে কোনো গোচৰ ৰুজু কৰাৰ পৰিবৰ্তে আটক হোৱা ৪ জন অপৰাধীক গোপনে এৰি দিয়াৰ ষড়যন্ত্ৰ চলোৱাৰ বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে। ঘটনাটোৰ পাছত সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।
Last Updated : Jul 2, 2019, 10:20 PM IST