আজমলৰ অথন্তৰ ! নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা প্ৰশাসনৰ - ধুবুৰী
বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাল চলাবলৈ অনুমতি নাপাই ৰাইজৰ সৈতে মত বিনিময় কৰিয়েই ওভতিল বদৰুদ্দিন আজমল
ধুবুৰী,২৪মাৰ্চ: শনিবাৰে বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অথন্তৰ লাগিল ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ । শনিবাৰে প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণৰ উদ্দেশ্যে বিলাসীপাৰাত উপস্থিত হৈছিল সাংসদগৰাকী । পিচে সভাৰ উদ্যোক্তা সকলে প্ৰশাসনৰ পৰা সভা চলোৱাৰ অনুমতি উলিয়াব নোৱাৰাৰ বাবেই সাংসদগৰাকীয়ে সভালৈ অহা ৰাইজৰ সৈতে মত বিনিময় কৰিয়ে প্ৰথম নিৰ্বাচনী প্ৰচাৰ সামৰিবলগাত পৰে । আনহাতে সাংবাদিকে কংগ্ৰেছৰ সৈতে গোপন বুজাবুজি সন্দৰ্ভত সোধা প্ৰশ্নত সাংসদ বদৰুদ্দিন আজমলে তেনেধৰণৰ বুজাবুজি হোৱা নাই বুলি মন্তব্য কৰি ইছলাম ধৰ্মত গোপন বুলি কোনো শব্দ নথকাৰ কথা উল্লেখ কৰে ।