অসম

assam

By

Published : Dec 23, 2021, 10:39 PM IST

ETV Bharat / city

বৰপেটাত নিয়োগ মেলাৰ নামত ৰাজ্য চৰকাৰৰ ভেকোঁভাওনা

ৰাজ্যজুৰি বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে নিয়োগ মেলা(Job Mela at Assam) । অসমৰ জিলাই জিলাই বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হয় এই জব মেলা । জব মেলাত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ পৰা একেবাৰে স্নাতকোত্তৰ উত্তীৰ্ণলৈকে সকলোৱে অংশ লয় । কিন্তু নিয়োগ মেলাৰ নামত ৰাজ্যৰ ঠায়ে ঠায়ে ব্যাপক গাফিলতি তথা ভেকোভাওনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

Job Mela at Assam
বৰপেটাত নিয়োগ মেলাৰ নামত ৰাজ্য চৰকাৰৰ ভেকোঁভাওনা

বৰপেটা, ২৩ ডিচেম্বৰ :বৰপেটাত নিয়োগ মেলাৰ নামত শিক্ষিত নিবনুৱাক চৰম অপমান কৰাৰ অভিযোগ উঠিছে ৷ বৰপেটা নিয়োগ বিনিময় কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত নিয়োগ মেলাখন উদ্ধোধন কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে(Barpeta DC Tej Prasad Bhusal) ৷ জিলাখনৰ দূৰ-দূৰনীৰ নিৱনুৱা যুৱক-যুৱতীসকল সংস্থাপনৰ আশাৰে আহি পুৱাৰে পৰা ভীৰ কৰিছিল নিয়োগ মেলাত ।

বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল

পিছে আবেদন জমা লোৱাৰ দায়িত্বত থকা কৰ্মচাৰীৰ চৰম দায়িত্বহীনতাৰ বাবে নিমিষতে চাৰখাৰ হৈ গ’ল নিৱনুৱাৰ সপোন । নিয়োগ মেলাত নিবনুৱাৰ শিক্ষাগত অৰ্হতাক জাবৰ জোথৰৰ দৰে পেলাই দিয়াৰ অভিযোগ উঠিছে ৷ বিভাগীয় কৰ্তৃপক্ষই নিবনুৱা যুৱকসকলৰ বায়োডাটা গ্ৰহণ কৰি বায়োডাটাসহ সম্পূৰ্ণ নথি-পত্ৰ মূল্যহীন ফটা কাগজৰ দৰে পেলাই দিয়ে ৷ শিক্ষিত নিবনুৱাৰ মৰ্মবেদনা উপলব্ধি কৰিব নোৱাৰা একাংশ চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাক লৈ এতিয়া অসন্তুষ্ট নিবনুৱাসকল ।

বৰপেটা নিয়োগ মেলা

ধুবুৰী : ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতী আহি ভোলানাথ মহাবিদ্যালয়ৰ খেলপথাৰত পুৱাৰে পৰা ভিৰ কৰেহি ৷ কিন্তু নিয়োগ মেলাৰ জৰিয়তে সংস্থাপন প্ৰদান কৰিবলৈ লোৱা কোম্পানী তথা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক লৈ মুঠেও সন্তুষ্ট নহয় নিবনুৱা যুৱক-যুৱতীসকল । এনে এটা চাকৰিৰ বাবে নিয়োগ মেলাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনেই নাই বুলি উল্লেখ কৰে একাংশ উচ্চ শিক্ষিত নিবনুৱাই ।

ধুবুৰী নিয়োগ মেলা

তেওঁলোকে জব মেলাৰ নামত চৰকাৰে নিবনুৱাসকলক হাৰাশাস্তি কৰাৰহে অভিযোগ উত্থাপন কৰে । এনে নিয়োগ মেলাৰ বাবে চৰকাৰে বিজ্ঞাপন দি ঢাক ঢোল বজোৱাৰ কি অৰ্থ আছে বুলি প্ৰশ্ন উত্থাপন কৰে নিবনুৱা যুৱক-যুৱতীসকলে । চৰকাৰীভাৱে চাকৰি মেলাৰ বিজ্ঞাপন দি চাকৰি দিয়াৰ কথা উল্লেখ কৰা হৈছিল যদিও চাকৰি মেলাত আবেদন কৰিবলৈ গৈ চৰকাৰী ঠাইত ব্যক্তিগত খণ্ডৰ চাকৰিৰ খবৰ পাই ক্ষোভিত হৈ পৰে নিবনুৱা যুৱক-যুৱতীসকল ।

ধুবুৰী নিয়োগ মেলা

নলবাৰী : আনহাতে নলবাৰীতো অসম চৰকাৰৰ উদ্যোগত আৰু নলবাৰীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ সহযোগত আয়োজিত নিয়োগ মেলাক লৈ অসন্তুষ্টি ব্যক্ত কৰে একাংশ শিক্ষিত যুৱক-যুৱতীয়ে ৷ তেওঁলোকে এইয়া প্ৰকৃততে অসম চৰকাৰৰ এক ভেকোঁভাওনা বুলিহে উল্লেখ কৰে । ইপিনে বহুত যুৱকে এই জব মেলাত কোনো ধৰণৰ মৌখিক পৰীক্ষা লোৱা হোৱা নাই বুলি অভিযোগ কৰে ৷ তেওঁলোকে ইয়াত কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰ নথিপত্ৰও জমা নোলোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ।

নগাঁও :একেদৰে নগাঁৱৰ নিয়োগ বিনিময় কেন্দ্ৰৰ বাকৰিত অনুষ্ঠিত হোৱা নিয়োগ মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা নিয়োগ সন্ধানী শিক্ষিত নিবনুৱাই পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয় । কিন্তু চৰকাৰী বিজ্ঞাপনত ব্যক্তিগত খণ্ডত নিয়োগ নে চৰকাৰী খণ্ডত নিয়োগ স্পষ্টভাৱে উল্লেখ নকৰাৰ ফলত একাংশ শিক্ষিত নিবনুৱাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁলোকে এয়া প্ৰকৃততে নিয়োগৰ নামত চৰকাৰৰ ভেকোভাওনা বুলি উল্লেখ কৰে ।

নগাঁৱত নিয়োগ মেলাৰ নামত চৰকাৰৰ ভেকোঁভাওনা

লগতে পঢ়ক :Municipality Election in Assam : ৰণ কৌশল তৈয়াৰ কৰিছে বিজেপি সংখ্যালঘু মৰ্চাই

ABOUT THE AUTHOR

...view details