পূৱ বিলাসীপাৰা,২০ এপ্ৰিল : ক’ভিড-19 প্ৰটকল মানি পূৱ বিলাসীপাৰাৰ চাপৰৰ শালকোচাৰ ঐতিহাসিক চান্দৰডিঙা পাগলাবাবা মন্দিৰৰ কাষৰ ব্ৰহ্মপুত্ৰত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে মহা অশোকাষ্টমীৰ স্নান পৰ্ব । বিগত বৰ্ষৰ তুলনাত এই বছৰ ক’ভিড-19 ৰ কাৰণে ৰাইজৰ উপস্থিতি কিছু সেৰেঙা দেখা গৈছে । কিন্তু অশোকাষ্টমীৰ স্নানৰ দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰত দেখা গ’ল কিছু ব্যতিক্ৰমী দৃশ্য ।
চাপৰত ভক্তৰ অশোকাষ্টমীৰ স্নান - মুদ্ৰা
ক’ভিড-19 প্ৰটকল মানি পূৱ বিলাসীপাৰাৰ চাপৰৰ শালকোচাৰ ঐতিহাসিক চান্দৰডিঙা পাগলাবাবা মন্দিৰৰ কাষৰ ব্ৰহ্মপুত্ৰত অশোকাষ্টমীৰ স্নান সম্পন্ন ৷ ক’ভিড-19 ৰ বাবে ভক্তৰ উপস্থিতি সেৰেঙা ৷
![চাপৰত ভক্তৰ অশোকাষ্টমীৰ স্নান চাপৰত ভক্তৰ অশোকাষ্টমী স্নান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11476448-thumbnail-3x2-aaa.jpg)
চাপৰত ভক্তৰ অশোকাষ্টমী স্নান
ভক্তপ্ৰাণ ৰাইজে স্নানৰ সময়ত মংগল কামনা কৰি মুদ্ৰাকে ধৰি সা-সামগ্ৰী নৈৰ বুকুত অৰ্পণ কৰে । কিন্তু নদীখনত অৰ্পণ কৰা মুদ্ৰাসমূহ একাংশ কণ কণ ল'ৰাই চুম্বকৰ সহায়ত নৈৰ পৰা সংগ্ৰহ কৰা দেখা যায় ৷
লগতে পঢ়ক:ক’ভিড সৃষ্ট পৰিৱেশক লৈ শংকিত সাধাৰণ লোক