অসম

assam

ETV Bharat / city

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় - assam police

ধুবুৰীত ভুৱা চালানেৰে চলিছে গৰুৰ চোৰাং ব্যৱসায় ৷ ভুৱা চালানেৰে সৰবৰাহ হৈছে লাখ লাখ টকাৰ চুৰি গৰু ৷ গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ তীব্ৰ অভিযান ৷

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

By

Published : Aug 2, 2019, 3:28 PM IST

ধুবুৰী, 2 আগষ্ট : ধুবুৰীৰ ভাৰত বাংলা সীমান্ত উন্মুক্ত হৈ থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ চোৰাং গৰু বেপাৰীয়ে শ শ গৰু বাংলাদেশলৈ চোৰাংভাৱে চালান দি আহিছে ৷ বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে গৰু পশ্চিম বংগ, শ্ৰীৰামপুৰ হৈ ধুবুৰীত আমদানি কৰি স্থানীয় গো-হাটৰ পৰা কিনি অনা বুলি ভুৱা চালান দেখুৱাই সৰবৰাহ কৰে গৰু চুৰি চক্ৰই ৷ এনে সময়তে ধুবুৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ পিছত পোহৰলৈ আহিছে চোৰাং ব্যৱসায়ৰ এক ভয়ংকৰ তথ্য । গো হাটক মেনেজ কৰি ভুৱা চালান লৈ প্ৰতিদিনে বাংলাদেশলৈ শ শ গৰু চালান দিয়ে চক্ৰটোৱে ৷ আৰক্ষীয়ে যোৱা কেইটা বছৰৰ পৰা বিভিন্ন সময়ত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই নিয়াৰ বিপৰীতে বহু পৰিমাণৰ গৰুৰ লগতে চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ২০১৭ চনত মুঠ ৯১৮ টা চোৰাং গৰু জব্দ কৰাৰ বিপৰীতে জন চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। একেদৰে ২০১৮ চনত ১১২ টা চোৰাং গৰু সহ চাৰিজন লোক আৰু চলিত বৰ্ষত ২২৭ টা চোৰাং গৰু জব্দ কৰাৰ বিপৰীতে ১৫ জনকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে ।

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

ইপিনে ধুবুৰী আৰক্ষীয়ে যোৱা চব্বিশ ঘণ্টাত ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ ভিন্ন প্ৰান্তত অভিযান চলাই পাঁচজনকৈ চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আটক হোৱা গৰু চোৰৰ ভিতৰত জাকিৰ হুছেইন বেপাৰী আৰু হামিদূৰ ৰহমানক ইতিমধ্যে আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে সাহজাহান আলী, নুৰুল ইছলাম আৰু জাহিনুৰ ইছলামকে ধৰি তিনিজনক দুদিনৰ বাবে নিজৰ জিম্মালৈ লৈছে ধুবুৰী আৰক্ষীয়ে ৷ ধৃত চোৰাং গৰুৰ বেপাৰীৰ পৰা ভুৱা চালান উদ্ধাৰ হোৱাৰ পিছত অধিক তৎপৰ হৈ পৰিছে আৰক্ষী ৷ অধিক তথ্য উদ্ঘাটনৰ বাবে বৰ্তমান অব্যাহত ৰাখিছে জেৰা ৷

ABOUT THE AUTHOR

...view details