ধুবুৰী, 31 অক্টোবৰ : ধুবুৰী জিলাৰ বীৰসিং চৰ অঞ্চলৰ ৪২৪ নং বীৰসিং চৰ এল পি স্কুলত দীৰ্ঘদিনে প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ মইমতালি আৰু লুণ্ঠনৰাজৰ অভিযোগ উত্থাপন হৈছে । বিদ্যালয়খনত চলি থকা দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত কেইদিনমান পূৰ্বে নতুনকৈ পৰিচালনা সমিতি গঠনৰ বাবে অনুষ্ঠিত হয় এখন সভা ।
কিন্তু সভাত মাৰপিটৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছতেই এটা পক্ষই বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি কৰি অহা প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত ৰুজু কৰিছে গোচৰ । অভিযোগকাৰী স্থানীয় ৰাইজ তথা অভিভাৱকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ তিনি-চাৰি বছৰীয়া দুৰ্নীতিৰ তথ্য বিচাৰি RTI কৰিছে যদিও আজিলৈকে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
ইপিনে আৰক্ষী থানাত গোচৰ ৰুজু কৰিলেও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অৱশেষত তেওঁলোক কাষ চাপিছে সাংবাদিকৰ । তাৰোপৰি বীৰসিং চৰ এল পি স্কুলত নাই শৈক্ষিক পৰিৱেশ । বিদ্যালয়খনৰ প্ৰধান শিক্ষক মন্তাছুৰ ৰহমান আৰু বিদ্যালয় পৰিচালনা সমিতিৰ চৰম গাফিলতি আৰু ৰহস্যজনক ভূমিকাৰ বাবেই বিদ্যালয়খনত আন্তঃগাঁথনি উন্নত নোহোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।
আনহাতে চৰকাৰী বিদ্যালয়খনত প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুলভাবে গ্ৰহণ কৰি আহিছে পাঠদান । কণ কণ ছাত্ৰ ছাত্ৰীৰ মূৰৰ ওপৰত থকা চিলিং খহি পৰাৰ উপক্ৰম হৈছে । যিকোনো মুহূৰ্ততে বিদ্যালয়ৰ চিলিং খহি ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।