অসম

assam

ETV Bharat / city

পঞ্চাশ মাহ ধৰি নাই দৰমহা ! আন্দোলনৰ নামিব সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চ - All Assam Development Authority Employees Joint Council

এইবাৰ নিজৰ প্ৰাপ্য দৰমহা বিচাৰি ৰাজপথত আন্দোলনত নামিব সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চই । চাৰিৰ পৰা পঞ্চাশ মাহ ধৰি দৰমহা নোপোৱা কৰ্মচাৰী ঐক্য মঞ্চই আজি ধুবুৰীত এখন সংবাদমেলৰ আয়োজন কৰি এই সকীয়নী দিয়ে চৰকাৰক ।

আন্দোলনৰ নামিব সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চ
আন্দোলনৰ নামিব সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চ

By

Published : Mar 14, 2020, 8:31 PM IST

ধুবুৰী, 14 মাৰ্চ :ধুবুৰী আৱৰ্ত ভৱনত শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চই । শনিবাৰে ধুবুৰী আৱৰ্ত ভৱনত মঞ্চৰ নৱম দ্বি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । দ্বি বাৰ্ষিক অধিৱেশনত নতুনকৈ কাৰ্য্যনিৰ্বাহক কমিটী গঠন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে মঞ্চই । অধিৱেশনৰ প্ৰথম কাৰ্যসূচী অনুসৰি দিনৰ ভাগত এখন সংবাদমেলৰ আয়োজন কৰে । নতুনকৈ গঠন হোৱা মঞ্চৰ সভাপতি বাণীকান্ত বৰুৱা আৰু আইনী উপদেষ্টা সপন ভট্টাচাৰ্য্যৰ উপস্থিতিত অনুষ্ঠিত হোৱা সংবাদমেলখনত বিগত চাৰি মাহৰ পৰা পঞ্চাশ মাহলৈকে প্ৰাধিকৰণৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে মঞ্চই ৷

উল্লেখযোগ্য যে, অসমৰ বিভিন্ন নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰিকল্পিত উন্নয়ন আৰু সুষম বিকাশৰ স্বাৰ্থত অসম নগৰ আৰু গাঁও পৰিকল্পনা আইন, ১৯৫৯ ৰ অধীনত সমগ্ৰ অসমত মুঠ ২৪ খন উন্নয়ন প্ৰাধিকৰণ গঠন কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত ১৯৯২ চনত ভাৰতৰ সংবিধানৰ ৭৪ তম সংশোধনীৰ আধাৰত অসম চৰকাৰে ২০১২ চনত 'অসম পৌৰ আইন' নগৰ আৰু গাঁও পৰিকল্পনা আইনৰ সংশোধন কৰাৰ ফলত উন্নয়ন প্ৰাধিকৰণৰ কাম কাজ সমূহ পৌৰসভাৰ অধীনলৈ নিয়া হয় । তাৰ পিছৰ পৰাই ৰাজ্যৰ তিনিশ গৰাকী কৰ্মচাৰীৰ চাকৰিলৈ চৰম সংকট নামি আহিছে । বিভিন্ন সময়ত চৰকাৰক চাকৰি নিয়মীয়াকৰণৰ লগতে দৰমহা নিয়মীয়া কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই ।

আন্দোলনৰ নামিব সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চ

আজিৰ সংবাদমেলৰ জৰিয়তে চৰকাৰক ধিক্কাৰ জনাই নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চই । শনিবাৰে অনুষ্ঠিত হোৱা নৱম দ্বি বাৰ্ষিক অধিৱেশনত বাণীকান্ত বৰুৱাক সভাপতি আৰু ৰাতুল বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা হয় এখন নতুন কমিটী ৷

ABOUT THE AUTHOR

...view details