ধুবুৰী, 31 মে' :সুদীৰ্ঘ দহ বছৰৰ অন্তত দেওবাৰে ধুবুৰী প্ৰেছ ক্লাৱৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সুৰেন্দ্ৰ ৰাইৰ নেতৃত্বত অনুষ্ঠিত হয় এই সভাখন ৷
ধুবুৰী প্ৰেছ ক্লাৱৰ সক্ৰিয় সদস্য সুৰেন্দ্ৰ ৰাইৰ নেতৃত্বত দহ বছৰৰ অন্তত দেওবাৰে ধুবুৰী প্ৰেছ ক্লাৱৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাখনত উপস্থিত থাকে ধুবুৰী প্ৰেছ ক্লাৱৰ সভাপতি বিজয় শৰ্মাৰ লগতে সাংবাদিক আছিকুৰ ৰহমান, জ্যোতিৰ্ময় চক্ৰৱৰ্তী, আজাহাৰুল ইছলাম, কুলধৰ দাস, প্ৰণৱাসীস ৰায়, অমিতাভ চক্ৰৱৰ্তী, সাহানুৰ ইছলাম, ৰাজীৱ শৰ্মা, ইৰফানুল্লাহ খন্দকাৰ, আমিনুৰ আহমেদকে ধৰি বহু কেইজন সাংবাদিক ।
সভাখনৰ আৰম্ভনিতে ধুবুৰীৰ প্ৰয়াত সাংবাদিকসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চিৰ শান্তি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷