পশ্চিম বিলাসীপাৰা, 29 জুন : কৰ'ণা মহামাৰীয়ে (covid-19) সমগ্ৰ দেশ তথা ৰাজ্যত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ মহামাৰীয়ে কালৰূপ ধৰাত লাখ লাখ মৃত্যু হোৱাৰ বিপৰীতে এতিয়াও চিকিৎসাধীন হৈ আছে বহু লোক ৷ অকল সেয়াই নহয় কৰ'ণাৰ বাবে ইতিমধ্যে লাখ লাখ যুৱকযুৱতি কৰ্মসংস্থাপন হেৰোৱাৰ উপৰিও চৰকাৰী, বেচৰকাৰী কাম-কাজকে ধৰিকে সকলো ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ ইফালে কৰ'ণা পৰিস্থিতিত পৰি বহু পৰিয়ালে অনাহাৰ অনিদ্ৰাই জীৱন পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ তাৰোপৰি কৰ'ণাত সৰ্বশ্ৰান্ত হৈ বহুলোকে ইতিমধ্যে আত্মহত্যাৰ দৰে পথ বাচি ল'বলগীয়া হৈছে ৷
তেনে এক শোকাৱহ ঘটনা সংঘটিত হৈছে ধুবুৰীৰ বিলাসীপাৰৰ লক্ষীগঞ্জত ৷ কৰ'ণা সৃষ্টি কৰা পৰিস্থিতিত উপায়ন্তৰ হৈ এজন অধিবক্তাই (Advocate) মঙলবাৰে চিপ লৈ আত্মহত্যা কৰে ৷ আত্মহনন কৰা অধিবক্তা জনৰ নাম হৈছে লক্ষীগঞ্জৰ হানিফ মহম্মদ ইৰছাদ ৷ তেখেতে ধুবুৰীৰ বিলাসীপাৰা আদালতত অধিবক্তা (Advocate) হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল ৷