অসম

assam

ETV Bharat / city

লকডাউনৰ মাজতো চাপৰত আছাৰ উদ্যোগত বাইক ৰেলী - সদৌ অসম আদিবাসী ছাত্ৰ সন্থা

আদিবাসী লোকসকলক জনজাতিকৰণ কৰাৰ দাবীৰে চাপৰত আছাই বাহিৰ কৰিলে বাইক ৰেলী ৷

লকডাউনৰ মাজতো চাপৰত আছাৰ উদ্যোগত বাইক ৰেলী
লকডাউনৰ মাজতো চাপৰত আছাৰ উদ্যোগত বাইক ৰেলী

By

Published : Jun 30, 2020, 9:44 PM IST

পূৱ বিলাসীপাৰা, 30 জুন :আদিবাসী লোকসকলক জনজাতিকৰণ, চাহ শ্ৰমিকৰ হাজিৰা 350 টকালৈ বৃদ্ধি কৰা আদি বিভিন্ন দাবীৰে ধুবুৰী জিলাৰ চাপৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

আদিবাসীসকলক জনজাতিকৰণ কৰা, আদিবাসী চাহ শ্ৰমিকৰ হাজিৰা 350 টকালৈ বৃদ্ধি কৰা, আদিবাসী লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীৰে মঙলবাৰে সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাই বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অন্যথা 2021ৰ নিৰ্বাচনত আদিবাসীসকলে ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ।

লকডাউনৰ মাজতো চাপৰত আছাৰ উদ্যোগত বাইক ৰেলী

আছাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ঢোলমাৰা আঞ্চলিক সমিতিৰ সহযোগত চাপৰ চাহ বাগিচা অঞ্চলত বাইক ৰেলী কাৰ্য্যসূচী ৰূপায়ন কৰে ছাত্ৰ সংগঠনটোৱে ৷ আদিবাসী লোকসকলৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰে অতি শীঘ্ৰে পালন নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে স‌ংগঠনটোৱে ৷

লগতে পঢ়কঃআজমল চুপাৰ 40 ত আসন লাভ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হাবিবুৰ ৰহমানৰ

ABOUT THE AUTHOR

...view details