নিউজ ডেস্ক, 8 নৱেম্বৰ: শুকুৰবাৰে মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অক হস্তান্তৰ আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত সংঘটিত হোৱা 200 কোটি টকাৰ কেলেংকাৰীৰৰ বিৰোধিতাৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে ৷ বৰপেটা জিলাৰ কলগাছিয়াত ইয়াৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে লগতে দাহ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি ৷ মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অক হস্তান্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনোধৰণৰ মন্তব্য নকৰাৰো তীব্ৰ বিৰোধিতা কৰে সংখ্যালঘু সংগঠনটোৱে ৷ প্ৰতিবাদকাৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ জলপানীৰ ধন আত্মসাৎ আৰু এন জি অ'ৰ দ্বাৰা ভেজাল খাদ্য যোগানৰ ক্ষেত্ৰত চিবিআইৰ তদন্ত দাবী জনাই চৰকাৰক ৷
সমান্তৰালভাৱে,বঙাইগাঁওৰ ৰাখালডুবিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷ সংগঠনটোৱে শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ আৰু মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অক হস্তান্তৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি অতি শীঘ্ৰে বিফলতাৰ দায়িত্ব কান্ধত পাতি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থভট্টাচাৰ্যক পদত্যাগ কৰিবলৈ আহ্বান জনাই ৷