ধুবুৰী,13 অক্টোবৰ: বিলাসীপাৰাৰ বাঘমাৰী দৈনিক বজাৰত শনিবাৰে বিয়লি ৩৫ লাখ টকীয়া এটা বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰা হৈছে | স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীয়ে বিলাসীপাৰাৰ মহকুমাধিপতি উপস্থিতত আনুষ্ঠানিকভাৱে এই বজাৰগৃহটোৰ আধাৰশিলা স্থাপন কৰে |
ধুবুৰীত ৩৫ লাখ টকীয়া বজাৰ গৃহৰ আধাৰশিলা স্থাপন
বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰচেষ্টা ৷ ব্যৱসায়ী আৰু সাধাৰণ ৰাইজৰ বিশেষ উপকাৰ সাধনৰ লক্ষ্য ৷
বাঘমাৰী অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন তথা স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰচেষ্টাত চৰকাৰে MSDP আঁচনিৰ অধীনত বজাৰ নিৰ্মাণৰ বাবে ৩৫ লাখ টকা মোকলাই দিয়ে | সংখ্যালঘু বসতিপ্ৰধান অঞ্চলটোৰ বজাৰখনৰ এই গৃহটোৱে ব্যৱসায়ীসকলৰ লগতে সাধাৰণ ৰাইজৰ বিশেষ উপকাৰ সাধিব বুলি ব্যাপকভাৱে চৰ্চিত হৈছে | শনিবাৰে বিয়লি ইয়াৰ পাচতে বাঘমাৰী খেলপথাৰত বাঘমাৰী আঞ্চলিক পঞ্চায়তে আয়োজন কৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে ৷
সভাত বিধায়কগৰাকীয়ে বিলাসীপাৰা মহকুমাক এক আদৰ্শ মহকুমা হিচাপে গঢ়ি তোলাৰ তেওঁৰ সপোনৰ কথা উল্লেখ কৰে ৷ লগতে তেওঁ বিজেপি দলৰ বিভিন্ন প্ৰসংগও ৰাইজৰ সৈতে বিনিময় কৰে ৷