অসম

assam

ETV Bharat / city

ছাগলীয়াত জব্দ 15 টা উন্নত প্ৰজাতিৰ গৰু

ৰাজ্যত অব্যাহত আছে পশুধনৰ অবৈধ ব্যৱসায় । বুধবাৰে ছাগলীয়া আৰক্ষীয়ে ট্ৰাকৰ পৰা জব্দ কৰে পোন্ধৰটাকৈ উন্নত প্ৰজাতিৰ গৰু ।

By

Published : May 5, 2021, 6:45 PM IST

ছাগলীয়াত জব্দ 15 টা উন্নত প্ৰজাতিৰ গৰু
ছাগলীয়াত জব্দ 15 টা উন্নত প্ৰজাতিৰ গৰু

ধুবুৰী,5 মে': ৰাজ্যত সক্ৰিয় হৈ উঠিছে অবৈধ গৰু ব্যৱসায়ী চক্ৰ । চক্ৰটোৱে পশুধন চুৰি কৰাৰ বাবে গ্ৰহণ কৰিছে নিত্য-নতুন প্ৰক্ৰিয়া । বুধবাৰে দুপৰীয়া অসম-পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত এই সম্পৰ্কে সম্ভেদ লাভ কৰি আৰক্ষীয়ে চলায় তালাচী ৷ আৰক্ষীয়ে তালাচীৰ সময়ত UP 21 CN 8783 নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকক ৰবলৈ নিৰ্দেশ দিয়াত চালকজনে ততাতৈয়াকৈ নামি পলায়ন কৰে যদিও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ট্ৰাকৰ কণ্টেইনাৰৰ মাজত চেম্বাৰ নিৰ্মাণ কৰি পোন্ধৰটাকৈ গৰু কঢ়িয়াই অনা হৈছিল ।

ছাগলীয়াত জব্দ 15 টা উন্নত প্ৰজাতিৰ গৰু

গৰুকেইটা শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখে নি থকা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আটকাধীন চালকজন উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাৰ ভোজপুৰ গাঁৱৰ মহম্মদ আৰমান বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক :মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব ভি কল্যাণমৰ পৰলোকপ্ৰাপ্তি

ABOUT THE AUTHOR

...view details