অসম

assam

By

Published : Jun 13, 2021, 11:08 PM IST

ETV Bharat / city

বগৰীবাৰীত ১৩ খনকৈ শিল-বালি কঢ়িওৱা ট্ৰাক আৰু ডাম্পাৰ জব্দ

অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ দেওবাৰে বগৰীবাৰী আৰক্ষীৰ অভিযানত শিল-বালি কঢ়িওৱা 13 খনকৈ ট্ৰাক জব্দ ৷

13 overload truck and dumper seized in bagaribari
বগৰীবাৰীত জব্দ কৰে ১৩ খনকৈ শিল, বালি কঢ়িওৱাৰ ট্ৰাক আৰু ডাম্পাৰ

বিলাসীপাৰা, 13 জুন:ৰাজ্যত গৰুৰ চোৰাং ব্যৱসায়, ড্ৰাগছ, শিল-বালিৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে ৷ বিলাসীপাৰাত অভাৰলোড শিল-বালি কঢ়িওৱা চক্ৰ সক্ৰিয় হৈ পৰা অভিযোগ উত্থাপিত হোৱাৰ মাজতে দেওবাৰে তেনে এক চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় ৷

বগৰীবাৰীত ১৩ খনকৈ শিল-বালি কঢ়িওৱা ট্ৰাক আৰু ডাম্পাৰ জব্দ

অভিযোগ অনুসৰি, বন বিভাগৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ লৈ চক্ৰটোৱে দিনে নিশাই চলাই আহিছে শিল-বালিৰ অবৈধ বেহা ৷ দেওবাৰে কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে'ৰ নেতৃত্বত চলা এক অভিযানত বগৰীবাৰীত আৰক্ষীয়ে অবৈধভাৱে শিল-বালি কঢ়িওৱা ১৩ খন ট্ৰাক আৰু ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা বাহনসমূহ সম্প্ৰতি বগৰীবাৰী আৰক্ষী থানাৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ৷ ইফালে এই সন্দৰ্ভত আৰক্ষীয়েও ৰহস্যজনকভাৱে সাংবাদিকৰ পৰা দূৰত্বত অৱস্থান কৰিছে ৷

জব্দ হোৱা বাহন সমূহৰ নম্বৰ ক্ৰমে AS-12E-4822, AS-01DC-3754, AS-01CC- 5093, AS-18C- 5560, AS-19C- 7275, AS-16AC- 1898, NL01-AE- 6778, AS-16AC- 2018, AS-16AC- 2352, AS-16C- 6506, AS-25 BC- 6343, AS-16 AC- 2118, WB- 53B- 5061 ৷

লগতে পঢ়ক :গেছ টেংকাৰত ড্ৰাগছ সৰবৰাহ: আৰক্ষীৰ জালত দুই মণিপুৰী যুৱক

ABOUT THE AUTHOR

...view details