অসম

assam

By

Published : Apr 26, 2022, 10:38 AM IST

ETV Bharat / business

টেছলাৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিব টুইটাৰ

টুইটাৰ কোম্পানীৰ বৃহৎ ঘোষণা । টেছলাৰ মুৰব্বী এলন মাস্কক ৪৪ বিলিয়ন আমেৰিকান ডলাৰত কোম্পানীটো বিক্ৰী কৰাৰ কথা নিশ্চিত কৰিছে টুইটাৰক (Twitter to sell the company to Tesla) । মাস্কে সদৰি কৰা মতে, তেওঁ টুইটাৰক পূৰ্বতকৈ উন্নত কৰিব বিচাৰে ।

Elon Musk
টেছলাৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিব টুইটাৰ কোম্পানী

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল :টেছলা কোম্পানীয়ে ক্ৰয় কৰিব টুইটাৰক (Tesla company to buy Twitter)। বিশ্বত বহুলভাৱে ব্যৱহৃত সামাজিক মাধ্যমৰ অন্যতম টুইটাৰে কোম্পানীটো বিক্ৰীৰ তথ্য প্ৰকাশ কৰে (Twitter confirmed the sale of the company)।

সোমবাৰে কোম্পানীটোৱে এই ঘোষণা কৰি কয় যে, টেছলাৰ মুৰব্বী এলন মাস্কক ৪৪ বিলিয়ন আমেৰিকান ডলাৰত কোম্পানীটো বিক্ৰী কৰাৰ কথা নিশ্চিত কৰিছে (Twitter to sell the company to Tesla) । দুয়োটা কোম্পানীৰ মাজত হোৱা চুক্তিৰ চৰ্তাৱলী অনুসৰি, শ্বেয়াৰ ধাৰকসকলে তেওঁলোকৰ মালিকানাধীন টুইটাৰ ষ্টকৰ প্ৰতিটো শ্বেয়াৰৰ বাবে নগদ ৫৪.২০ আমেৰিকান ডলাৰ লাভ কৰিব ।

মাস্কে কোম্পানীটোত তেওঁৰ অংশীদাৰীত্ব লাভ কৰাৰ এদিন পূৰ্বে ষ্টকৰ মূল্যতকৈ ৩৮ শতাংশ প্ৰিমিয়াম দিব । প্ৰতিবেদন মতে টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া টুইটাৰৰ অন্যতম বৃহৎ শ্বেয়াৰ হোল্ডাৰ । প্ৰায় এমাহৰ পূৰ্বে তেওঁলোকে টুইটাৰ ক্ৰয়ৰ বাবে চেষ্টা চলাইছিল আৰু অৱশেষত টেছলাৰ মুৰব্বী এলন মাস্কে টুইটাৰক ক্ৰয় কৰিবলৈ সক্ষম হয় (Tesla chief Elon Musk to buy Twitter)।

মুক্ত কণ্ঠ হৈছে এক কাৰ্যকৰী গণতন্ত্ৰৰ আধাৰ আৰু টুইটাৰ হৈছে ডিজিটেল মাধ্যম ৷ য'ত মানৱতাৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বিষয়বোৰ চৰ্চা হয় বুলি মাস্কে এক বিবৃতিত কয় ৷

মাস্কে সদৰি কৰা মতে, তেওঁ টুইটাৰক পূৰ্বতকৈ উন্নত কৰিব বিচাৰে । বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ লগতে মানুহৰ বিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰিব মাস্কে । তেওঁৰ মতে টুইটাৰৰ যথেষ্ট সম্ভাৱনা আছে, সেয়ে ব্যৱহাৰকাৰীসকলৰ বাবে ইয়াক সহজ কৰাৰ বাবেও কাম কৰিব ।

মাস্কে যোৱা সপ্তাহত কোম্পানীটো অধিগ্ৰহণ কৰিবলৈ ৪৬.৫ বিলিয়ন আমেৰিকান ডলাৰৰ বিত্তীয় যোগান ধৰাৰ কথা প্ৰকাশ কৰাৰ পাছত এই চুক্তিটো এক স্পষ্ট টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হৈছে । যাৰ বাবে টুইটাৰ ব’ৰ্ডে চুক্তিটো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ বাধ্য হৈছিল । মাস্কৰ প্ৰস্তাৱটো মূল্যাংকন কৰিবলৈ ব’ৰ্ডে দেওবাৰে বৈঠকত বহিছিল । টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালে এক বিবৃতিত কয় যে টুইটাৰৰ এক উদ্দেশ্য আৰু প্ৰাসংগিকতা আছে, যিয়ে সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰে ।

লগতে পঢ়ক :NOKIA ই ত্যাগ কৰিলে ৰাছিয়াৰ বজাৰ

ABOUT THE AUTHOR

...view details