অসম

assam

ETV Bharat / business

Travel insurance : বিদেশ ভ্ৰমণৰ পূৰ্বে ভ্ৰমণ বীমা কিয় প্ৰয়োজন ? - Travel insurance helpful during flight delay

গ্ৰীষ্মকালত বহুতে বিদেশ ভ্ৰমণৰ বাবে যাব বিচাৰে । কিন্তু সেই ভ্ৰমণৰ সময়ত যিকোনো চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা, বিমান বিলম্ব, সঁজুলি হেৰুওৱা, পাছপ'ৰ্ট হেৰুওৱা, দুঃসাহসিক ক্ৰীড়া আদিৰ বাবে বীমা কৰাটো অতি প্ৰয়োজন (Travel insurance is helpful)। আপুনি লেপটপ, ম'বাইল আৰু মূল্যৱান নথি-পত্ৰৰ বাবেও বীমা কৰিব পাৰে । কিছুমান দেশত আকৌ ভ্ৰমণ বীমা বাধ্যতামূলক । কিন্তু কিয় ?

Travel insurance
বিদেশ ভ্ৰমণৰ পূৰ্বে ভ্ৰমণ বীমা কিয় প্ৰয়োজন

By

Published : Feb 24, 2023, 7:06 PM IST

নিউজ ডেস্ক,২৪ ফেব্ৰুৱাৰী : কোনো অসুবিধা নোহোৱাকৈ বিদেশ ভ্ৰমণৰ বাবে আপুনি আগতীয়াকৈ পৰিকল্পনা কৰিব লাগিব । বিদেশ ভ্ৰমণে আপোনাক নতুন সংস্কৃতি আৰু খাদ্য সম্ভাৰ অন্বেষণ কৰাত সহায় কৰে । বহুতো অভিজ্ঞতাৰ উপৰিও এটা নতুন দৃষ্টিভংগী প্ৰদান কৰে । যেতিয়া আপুনি বিদেশলৈ যাব বিচাৰে, ভিছা, টিকট, বাসস্থানৰ দৰে প্ৰতিটো দিশত পৰিকল্পনা কৰক । আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল ভ্ৰমণ বীমা (Travel insurance)। ভ্ৰমণকাৰীসকলে বিদেশ ভ্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে বিভিন্ন দিশত সম্পূৰ্ণ বীমা কৰা প্ৰয়োজন ।

চিকিৎসা সম্পৰ্কীয় জৰুৰীকালীন অৱস্থা (Medical emergency):বিদেশ ভ্ৰমণৰ সময়ত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হোৱাৰ চিন্তা অলপ উদ্বেগজনক হ'ব । এনে পৰিস্থিতিত অজ্ঞাত স্থানত আবদ্ধ হৈ থকাটোৱে কেৱল আপোনাৰ মানসিক অৱস্থাক ক্ষতি নকৰে আপোনাৰ পকেটৰ ওপৰতো প্ৰভাৱ পেলায় । এনে সময়ত ভ্ৰমণ বীমাই সহায় কৰিব পাৰে ।

ৰোগৰ ক্ষেত্ৰত চিকিৎসা ব্যয় পৰিশোধ কৰে (Travel insurance pays medical expenses)। পলিচিখনে দুৰ্ঘটনাৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰে লগতে জৰুৰীকালীন অস্ত্ৰোপচাৰ আৰু অন্যান্য চিকিৎসা প্ৰয়োজনীয়তাও বহন কৰে ।

বিমান বিলম্ব (Flight Delay): নিৰ্ধাৰিত নিম্নতম সময়ৰ বাহিৰত বিমানখন বিলম্ব হ'লে পলিচিখনে আপোনাক বিভিন্ন ব্যয়ৰ বাবে এক নিৰ্দিষ্ট পৰিমাণ পৰিশোধ কৰে । ইয়াত অন্তৰ্ভুক্ত থাকে আহাৰ আৰু অন্যান্য প্ৰয়োজনীয় ব্যয় । এই ব্যয়বোৰ পলিচি হ'ল্ডাৰে আগতে বহন কৰিব লাগিব । প্ৰাসংগিক বিলবোৰ তেতিয়া বীমা কোম্পানীৰ ওচৰত দাখিল কৰিব পাৰি আৰু ব্যয়বোৰ পুনৰুদ্ধাৰ কৰিব পাৰি (Travel insurance helpful during flight delay)।

সামগ্ৰী (Equipment): ভ্ৰমণ কৰাৰ সময়ত বিভিন্ন সামগ্ৰী হেৰুওৱাটো এটা ডাঙৰ চিন্তাৰ বিষয় । আপোনাৰ পৰিকল্পনাত বাধা দিয়াৰ উপৰিও, ই আপোনাৰ বাজেটকো প্ৰভাৱিত কৰে । যেতিয়া এখন নতুন চহৰত ভৰি দিয়া হয় । নতুন বস্তু শিকিবলৈ মন যায় । কিন্তু ধৰি লওক আপোনাৰ সামগ্ৰী হেৰাইছে । এইটো এটা সমস্যা নহয় নেকি ? এনে ক্ষেত্ৰত পলিচিখনে আপোনাক ক্ৰয়ৰ ওপৰত এই পৰিমাণটো পৰিশোধ কৰিব ।

পাছপ'ৰ্ট হেৰুওৱা (Passport lost): আমি ভ্ৰমণটো উপভোগ কৰিব পাৰো যেতিয়া বিদেশত সকলোবোৰ ভবা ধৰণে হয় । পাছপ'ৰ্ট আপোনাৰ বিদেশ ভ্ৰমণৰ এক গুৰুত্বপূৰ্ণ দস্তাবেজ । সদায়ে এইটো মনত ৰাখিব । যদি ই অনিবাৰ্য পৰিস্থিতিত হেৰাই যায়, ইয়াৰ ফলত কিছুমান সমস্যা আৰু অতিৰিক্ত ব্যয় হ'ব । ভ্ৰমণ বীমাই ডুপ্লিকেট পাছপ'ৰ্ট লাভ কৰাৰ বাবে আপুনি বহন কৰা ব্যয় ক'ভাৰ কৰিব পাৰে (Travel insurance pays duplicate passport expenses)।

ভ্ৰমণ পুনৰ নিৰ্ধাৰণ (Trip rescheduled): নিকট আত্মীয়ৰ মৃত্যু বা দুৰ্ঘটনা, ব্যক্তিগত স্বাস্থ্য সমস্যা আদিৰ বাবে আপোনাৰ ভ্ৰমণ বাতিল বা হ্ৰাস কৰিব লাগিব পাৰে । ভ্ৰমণ বীমাই এনে ক্ষেত্ৰত পৰিশোধ নকৰা ব্যয় ক'ভাৰ । সাধাৰণতে, হোটেল বুকিং আৰু ফ্লাইট টিকট ঘূৰাই দিয়া নহয় । বীমা পলিচি পৰা এনে ব্যয় পুনৰুদ্ধাৰ কৰিব পাৰি ।

এই ধৰণৰ সুৰক্ষাবোৰৰ উপৰিও, ভ্ৰমণ বীমাই লেপটপ, ম'বাইল, মূল্যৱান নথিপত্ৰ আৰু সামগ্ৰীৰ ক্ষতিও সামৰি লয় (Travel insurance covers loss of laptop)। কিছুমান এড-অন কভাৰ যেনে দুঃসাহসিক ক্ৰীড়াও উপলব্ধ । কিছুমান দেশত ভ্ৰমণৰ বাবে ভ্ৰমণ বীমা বাধ্যতামূলক ।

লগতে পঢ়ক :Plan for tax savings scheme : ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰক কৰ সঞ্চয় আঁচনি

ABOUT THE AUTHOR

...view details