নিউজ ডেস্ক,৯ ডিচেম্বৰ :দীঘলীয়া সময়ত বৰ্ধিত ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি এজন ব্যক্তিয়ে কেৱল এটা বিত্তীয় লক্ষ্যত ভৰষা কৰাটো উচিত নহয় । এজন ব্যক্তিয়ে একাধিক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে আৰু এক আৰ্থিকভাৱে সুৰক্ষিত ভৱিষ্যতৰ বাবে সেই অনুসৰি বিনিয়োগ কৰিব লাগে । প্ৰতিটো বিত্তীয় লক্ষ্যত উপনিত হ'বলৈ সময়ে সময়ে এটা নিৰ্ধাৰিত পৰিমাণৰ বিনিয়োগ কৰিব লাগে । ইয়াৰ বাবে, এছ.আই.পি. (Systematic Investment Plan) মিউচুৱেল ফাণ্ডৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি ক'ব পাৰি (SIP is the best among mutual funds)।
বেছিভাগ মানুহে দীঘলীয়া সময়ৰ বাবে এটা এছআইপিত একে পৰিমাণৰ বিনিয়োগ কৰি থাকে । আনকি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ'লেও, তেওঁলোকৰ বিনিয়োগৰ পৰিমাণ বৃদ্ধি নকৰে । ইয়াৰ দ্বাৰা তেওঁলোকে ভৱিষ্যতে মুদ্ৰাস্ফীতিৰ ব্যয় বহন কৰাত অসুবিধা পায় । সেয়েহে, সময়ে সময়ে এছ.আই.পি. বিনিয়োগ কিছু শতাংশ বৃদ্ধি কৰাৰ প্ৰয়াস কৰিব লাগে (Increase SIP investment by some percentage)। ইয়াক 'Top up' বুলি কোৱা হয় ।
শেহতীয়াকৈ, এক আগশাৰীৰ গাড়ী কোম্পানীৰ এজন শীৰ্ষ কাৰ্যবাহীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছিল যে 'বিলাসী গাড়ী ক্ৰয় কৰাতকৈ পুঁজিত এছ.আই.পি.ক অধিক অগ্ৰাধিকাৰ দিয়া উচিত । দীঘলীয়া সময়ত বিত্তীয় লক্ষ্য লাভ কৰাৰ বাবে, নিয়মীয়াকৈ বিনিয়োগ বৃদ্ধি কৰি এই এছ.আই.পি. প্ৰ'ফাইল শক্তিশালী কৰিব লাগে (Strengthen SIP profile by increasing investments)। যাৰ জৰিয়তে তেওঁলোকে দীৰ্ঘম্যাদী লাভ পাব । তেতিয়া আপুনি কোনো বিত্তীয় চাপ অবিহনে বিলাসী গাড়ী, নিজৰ ঘৰ, বিদেশ ভ্ৰমণ, যিকোনো বস্তু ক্ৰয় কৰিবলৈ সুবিধা পাব পাৰে (Top up your SIPs now to buy luxury car later)।
সঠিক বিনিয়োগ বাছনিৰ ক্ষেত্ৰত, জাৰোধা ষ্টক ট্ৰেডিং প্লেটফৰ্মৰ সহ-প্ৰতিষ্ঠাপক নিথিন কামাথে কৈছে যে কম মূল্যৰ সম্পত্তি ক্ৰয় কৰিবলৈ ঋণ লোৱাৰ সলনি, কম পৰিমাণে লাহে লাহে বিনিয়োগ কৰক, চক্ৰবৃদ্ধি সূতেৰে ইয়াক বৃদ্ধি কৰক আৰু তাৰ পাছত আপোনাৰ প্ৰয়োজনীয় বস্তু ক্ৰয় কৰক ।