অসম

assam

ETV Bharat / business

ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিছে ৰেপো ৰেট - RBI increases repo rate

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধিৰ কৰাৰ লগে লগে ইয়াৰ পৰিমাণ হ'ল ৫.৯০ (Repo rate increased by 50 basis point)। মুদ্ৰাস্ফীতি হ্ৰাস কৰাৰ উদ্দেশ্যে মুদ্ৰা নীতি সমিতিৰ নেতৃত্বত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই বৃদ্ধিৰ কথা ঘোষণা কৰে ।

RBI
ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিছে ৰেপো ৰেট

By

Published : Sep 30, 2022, 12:10 PM IST

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ :ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে (Monetary Policy Committee) বৃদ্ধি কৰিলে ৰেপো ৰেটৰ পৰিমাণ (RBI increases repo rate)। শুকুৰবাৰে ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধিৰ সৈতে ইয়াৰ পৰিমাণ হ'ল ৫.৯০ (Repo rate increased by 50 basis point)। মুদ্ৰাস্ফীতি হ্ৰাস কৰাৰ উদ্দেশ্যে মুদ্ৰা নীতি সমিতিৰ নেতৃত্বত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই বৃদ্ধিৰ কথা ঘোষণা কৰে ।

গভৰ্ণৰগৰাকীৰ মতে খেতি কম হোৱাৰ বাবে ঘেঁহু, চাউল আৰু মাহজাতীয় শস্যৰ ওপৰত মূল্যৰ চাপ পৰিব পাৰে । পাচলিৰ দামো বাঢ়িব পাৰে । মুদ্ৰাস্ফীতি ৬.৭ শতাংশত ধাৰ্য কৰা হৈছে । গভৰ্ণৰগৰাকীয়ে লগতে কয় যে প্ৰথমাৰ্ধত মুঠ ঘৰুৱা উৎপাদন (GDP) বাৰ্ষিক ১৩.৫ শতাংশ বৃদ্ধি পাইছে । আনহাতে প্ৰকৃত জিডিপি ৭ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে ।

অৰ্থনৈতিক কাৰ্যকলাপ স্থিতিস্থাপক হৈছে আৰু বিনিয়োগ বাঢ়ি গৈছে । বেংকৰ ঋণ বৃদ্ধি হৈছে (Bank credit has increased)। উৎপাদন খণ্ডত ক্ষমতাৰ ব্যৱহাৰ বৃদ্ধি পাইছে য'ত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তনৰ সন্মুখীন হোৱা দেখা গৈছে ।

লগতে পঢ়ক :Metaৰ অৰ্থনৈতিক মন্দাৱস্থা : শীঘ্ৰে হ'ব অধিক ছাটাই

ABOUT THE AUTHOR

...view details