অসমীয়াৰ জয় ! তিনিচুকীয়া জংচনত শুনিবলৈ পোৱা গ'ল অসমীয়া ঘোষণা - অসমীয়া ভাষা
অৱশেষত গা-লৰিল উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৷ দল-সংগঠনৰ প্ৰতিবাদত সেও তিনিচুকীয়া ৰেল সংমণ্ডলে ৷ দীৰ্ঘদিনৰ অন্তত পুনৰ অসমীয়া ভাষাত ঘোষণা আৰম্ভ হ'ল তিনিচুকীয়া জংছনত ৷
তিনিচুকীয়া, 3 জুনঃ কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ বঞ্চনা কৰি অহা অসমবাসীৰ বাবে সুখবৰ ৷ দীৰ্ঘদিন ধৰি বন্ধ কৰি ৰখা অসমীয়া ভাষাৰ ঘোষণা পুনৰ আৰম্ভ কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱে ৷ তিনিচুকীয়া জংচনত বন্ধ হৈ আছিল অসমীয়া ভাষাৰ ঘোষণা ৷ কিন্তু মংগলবাৰৰ পৰা পুনৰ আৰম্ভ হয় অসমীয়া ভাষাৰ ঘোষণা ৷ ছফটৱেৰৰ দোহাই দি তিনিচুকীয়া জংচনত বন্ধ কৰি ৰখা হৈছিল অসমীয়া ভাষাৰ ৰেলৱে ঘোষণা ৷ বহুকেইটা ছাত্ৰ সংগঠনৰ প্ৰতিবাদৰ অন্তত মঙলবাৰৰ পৰা আৰম্ভ হয় অসমীয়া ভাষাৰ ঘোষণা ৷ চাঁওক আমাৰ এই বিশেষ প্ৰতিবেদন.....