নেশ্যনেল ডেস্ক, 28 আগষ্ট: ৰাছিয়াৰ তেলৰ মূল্য সীমাবদ্ধ কৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত (capping Russian oil price)আমেৰিকা যুক্তৰাষ্ট্ৰৰ এফ ট্ৰেজাৰীৰ উপ-সচিব ৱালি আদেয়েমোৱে কয় যে, ৰাছিয়াৰ তেলৰ মূল্যত সীমা নিৰ্ধাৰণ কৰিবলৈ ভাৰত অতি আগ্ৰহী (US Deputy Secretary of Treasury Wally Adeyemo)। ৰাছিয়াৰ তেলৰ দাম সীমিত হ’লে ভাৰতৰ বাবে ভাল হ’ব ৷ সেয়ে আলোচনাৰ সময়ত ভাৰতে আগ্ৰহ দেখুৱাইছে বুলি আদেইমোৱে কয়(Russian oil price cap proposal)।
তেওঁ কয় যে মূল্য সীমা নিশ্চিত হোৱাৰ পিছত ৰাছিয়াৰ ৰাজহ হ্ৰাস পাব । কিন্তু ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ পিছত আমেৰিকাই ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে । ৱালিয়ে কয়, "মূল্য সীমা হ্ৰাসৰ সন্দৰ্ভত ভাৰতীয় বিষয়া আৰু নীতি নিৰ্ধাৰকসকলৰ সৈতে মোৰ আলোচনাৰ সময়ত তেওঁলোকে ইয়াৰ প্ৰতি অতি আগ্ৰহ প্ৰকাশ কৰিছে । আমি তেওঁলোকক তথ্য দিছো লগতে আমি এই বিষয়ত কথা-বতৰা অব্যাহত ৰাখিম ।"