বিজনেচ ডেস্ক, ২৬ মাৰ্চ :যিকোনো লক্ষ্যত উপনীত হ'বলৈ এগৰাকীৰ ব্যক্তিৰ নিৰ্দিষ্ট ৰণনীতি আৰু পৰিকল্পনাৰ প্ৰয়োজন । আমি এই মূহুৰ্তত ক'ত আছোঁ…। আমি ক'ত উপনীত হ'ব লাগিব আৰু কিমান সময় লাগিব । এই সকলোবোৰ প্ৰণালীবদ্ধ হোৱাৰ প্ৰয়োজন । বিশেষকৈ আপোনাৰ বিত্তীয় পৰিস্থিতিৰ বিষয়ে অৱগত হোৱা উচিত ।
আপোনাৰ লক্ষ্যবোৰ এক প্ৰণালীবদ্ধভাৱে লিখক আৰু আপোনাক কিমান টকাৰ প্ৰয়োজন আৰু সেই ধন জমা কৰিবলৈ কিমান সময় লাগিব অনুমান কৰক । অৱশেষত, বিনিয়োগৰ বাবে কেনেদৰে ধন আৱণ্টন কৰিব লাগে, সেই বিষয়ে দুবাৰ চিন্তা কৰক ৷ সিদ্ধান্ত লোৱাৰ পূৰ্বে প্ৰতিটো বিষয় ভালদৰে পৰীক্ষা কৰি লওঁক । মনত ৰাখিব যে, যেতিয়া আপুনি সু-পৰিকল্পিতভাৱে পৰিকল্পনা কৰিব, তেতিয়া আপোনাৰ বিত্তীয় লক্ষ্যত উপনীত হোৱাত সহজ হ'ব ।
যদি আপুনি শৃংখলাবদ্ধভাৱে বিত্তীয় পৰিকল্পনা কৰে, সেয়া আপোনাৰ কামৰ আধাহে হ'ব । কাৰণ তাৰ পাছতহে বাকী কামবোৰ কৰিব পাৰিব । এক নিৰ্দিষ্ট অনুশাসনৰ সৈতে সঞ্চয় আৰু বিনিয়োগ কৰিব লাগে (Savings and investments should be made with discipline) ।
যদি আপুনি দীৰ্ঘ সময়ৰ বাবে উপাৰ্জন কৰিব বিচাৰে, আপুনি কিমান বিনিয়োগ কৰিব, তাৰ তুলনাত কেনেদৰে বিনিয়োগ কৰিব সেয়া অধিক গুৰুত্বপূৰ্ণ । নিয়মীয়াকৈ বিনিয়োগ কৰিলে কেৱল সামান্য পৰিমাণেহে লাভাংশ পোৱা যাব (Small amount can reap rich dividends when invested regularly) ।
উদাহৰণস্বৰূপে, ধৰি লওঁক আপুনি ১০ বছৰৰ বাবে প্ৰতিমাহে ৫,০০০ টকাকৈ বিনিয়োগ কৰে । নিম্নতম বাৰ্ষিক ১২ শতাংশ ৰিটাৰ্ণৰ সৈতে, আপোনাৰ মুঠ ৬ লাখ টকাৰ বিনিয়োগ ১১.৬ লাখ টকালৈ বৃদ্ধি হ'ব । এয়া আপোনাৰ বিনিয়োগৰ প্ৰায় দুগুণ ।
মনত ৰাখিব, এনে বিনিয়োগৰ সুফল পাবলৈ নিয়মীয়াকৈ বিনিয়োগ কৰিব লাগিব । ঋণ লোৱাটো বেয়া নহয় (Borrowing may not be wrong) ৷ কিয়নো কিছুমান ঋণে মূল্য বৃদ্ধি কৰাৰ লগতে উপাৰ্জনৰ ক্ষেত্ৰত সহায় কৰে । ঋণ লোৱাৰ সময়ত কেতিয়াবা বিত্তীয় স্বাধীনতাৰ অন্বেষণ অতি গুৰুত্বপূৰ্ণ । একেদৰে, ব্যৱসায়ৰ বাবে বা ঘৰ ক্ৰয় কৰিবলৈ ঋণ লোৱাটো গ্ৰহণযোগ্য ।