নিউজ ডেস্ক, ৮ জুন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিছাৰ্চ (US based short seller Hindenburg Research) এইবাৰ লাগিছে আফ্ৰিকাৰ ব্যৱসায়িক সাম্ৰাজ্যৰ পিছত । উল্লেখ্য, হিণ্ডেনবাৰ্গে ইয়াৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি নেতৃত্বাধীন কোম্পানীবোৰৰ ষ্টক বজাৰত আঘাত পৰিছিল । এতিয়া হিণ্ডেনবাৰ্গে আফ্ৰিকাৰ এক ব্যৱসায়িক সাম্ৰাজ্যৰ ওপৰত বিত্তীয় খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছে (Hindenburg Report on African business conglomerate) । লগতে এই কাৰ্যক এক ব্যতিক্ৰমী কেলেংকাৰী বুলিও অভিহিত কৰিছে ।
ইটিভি ভাৰতলৈ প্ৰেৰণ কৰা এক গৱেষণা প্ৰতিবেদনত হিণ্ডেনবাৰ্গ ৰিছাৰ্চে নিউ জাৰ্চীত মুখ্য কাৰ্যালয় থকা টিঙ্গো গ্ৰুপৰ ওপৰত ভুৱা কৃষক, ধন আৰু ফোন ব্যৱহাৰ কৰি বিত্তীয় প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে । এই অভিযোগৰ ফলত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায় (Hindenburg Report on Tingo Inc) ।
এই অভিযোগৰ ফলস্বৰূপে নাছডেক ষ্টক এক্সচেঞ্জত (NASDAQ stock exchange) তালিকাভুক্ত Tingo Group Inc-ৰ শ্বেয়াৰৰ মূল্য ১৬%-তকৈও অধিক হ্ৰাস পাইছে । প্ৰতিবেদন অনুসৰি, টিংগো গ্ৰুপে দাবী কৰিছে যে মুখ্যত নাইজেৰিয়াস্থিত কৃষকসকলৰ বাবে মোবাইল ফোন, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু অনলাইন খাদ্য বজাৰ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া কেইবাটাও ব্যৱসায়িক খণ্ড আছে ।