নিউজ ডেস্ক,২১ জানুৱাৰী :গুগলৰ ব্যৱহাৰকাৰীৰ বাবে সুখবৰ । মাইক্ৰছফ্টৰ অপেনএআইৰ টেক্সট বেছড চেটবট (chatbot), ChatGPTৰ পাছত এইবাৰ গুগলে নতুন সুবিধা সংযোজনৰ প্ৰস্তুতি চলাইছে । সূত্ৰৰ মতে মে' মাহৰ বাৰ্ষিক ডেভলপাৰ সন্মিলনৰ সময়ত গুগলে প্ৰায় ২০ টা artificial intelligence (AI)-powered tools আৰু এটা চাৰ্ছ চেটবট সংযোজনৰ প্ৰস্তুতি চলাইছে (Google to introduce 20 artificial intelligence)।
এআই, চেটজিপিটি-ৰ দ্বাৰা চালিত চেটবটে যোৱা কেইবা মাহত প্ৰযুক্তি জগতক বিশেষ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । কিয়নো ই লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় তথ্য বুজিব পৰা ধৰণে দিবলৈ সক্ষম হৈছে ।
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে ইতিমধ্যে "কোড ৰেড" (Sundar Pichai has declared a code red) ঘোষণা কৰিছে আৰু এআই বিকাশ (AI development) বৃদ্ধি কৰিছে, কিয়নো প্ৰযুক্তিৰ বিশাল কোম্পানীটোৱে চেটজিপিটিক ইয়াৰ চাৰ্ছ ব্যৱসায়ৰ বাবে ভাবুকি হিচাপে দেখা গৈছে ।
জানিব পৰা মতে কোম্পানীটোৰ এআই প্ৰকল্পবোৰৰ ভিতৰত আছে এটা Image generation tool, এআই টেষ্ট কিচেনৰ আপগ্ৰেড কৰা সংস্কৰণ (AI Test Kitchen), ইউটিউবৰ বাবে টিকটক ষ্টাইলৰ সেউজীয়া স্ক্ৰীণ মোড (TikTok style green screen mode for YouTube) আৰু আন ক্লিপৰ summariseৰ বাবে ভিডিঅ' সৃষ্টি কৰিব পৰা এটা সঁজুলি ।