নেশ্যনেল ডেস্ক, 18 আগষ্ট :ইণ্টাৰনেট অৱ থিংছ IoT Core হৈছে গুগল ক্লাউডৰ দ্বাৰা পৰিচালিত এটি সেৱা যিয়ে আপোনাক সমগ্ৰ বিশ্বতে বিয়পি থকা লাখ লাখ ডিভাইচৰ পৰা সহজে আৰু সুৰক্ষিতভাৱে সংযোগ, পৰিচালনা আৰু ডাটা সংগ্ৰহ কৰাত সহায় কৰে(Internet of Things services) । লগতে আপোনাৰ জৰুৰী ডাটাসমূহ ই সঞ্চয় কৰি ৰখাত সহায় কৰে ৷
বৰ্তমান গুগল ক্লাউডে ইয়াৰ মূল ইণ্টাৰনেট অৱ থিংছ (IoT) সেৱাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গ্ৰাহকসকলক বিকল্প সেৱাসমূহ (Google Cloud) ব্যৱহাৰ কৰিবলৈ 2023 বৰ্ষৰ আগষ্ট মাহলৈকে সময়সীমা নিৰ্ধাৰিত কৰি দিয়া হৈছে(Google Cloud to disband IoT Core Service from Aug 2023) । গুগল ক্লাউড ব্যৱহাৰকাৰীৰ বাবে এয়া অতি চিন্তনীয় বিষয় হৈ পৰিছে ৷
গুগল ক্লাউডৰ প্ৰতিদ্বন্দ্বী আমাজন ৱেব চাৰ্ভিচেছ (Amazon Web Services) আৰু মাইক্ৰ'ছফ্টেও একেধৰণৰ IoT সেৱা আগবঢ়ায় । AWSৰ IoT Core থকাৰ বিপৰীতে মাইক্ৰ'ছফ্টে ইয়াৰ Azure ক্লাউড প্লেটফৰ্মৰ অংশ হিচাপে IoT Hub আগবঢ়াইছে (Microsoft offers similar IoT services) ।