অসম

assam

সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 435 টকা হ্ৰাস

By

Published : Sep 29, 2022, 5:13 PM IST

এইচডিএফচি ছিকিউৰিটিজৰ (HDFC Securities) মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্যৱান ধাতুৰ মূল্য হ্ৰাস হোৱাৰ লগে লগে বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৩৫ টকা হ্ৰাস হৈ ৪৯,২৮২ টকা হয় (Gold price declined) ।

gold
gold

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সোণৰ মূল্য হ্ৰাস (Gold price declined) । এইচডিএফচি ছিকিউৰিটিজৰ (HDFC Securities) মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্যৱান ধাতুৰ মূল্য হ্ৰাস হোৱাৰ লগে লগে বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৩৫ টকা হ্ৰাস হৈ ৪৯,২৮২ টকা হয় । ইয়াৰ পূৰ্বৰ ব্যৱসায়ত এই হালধীয়া ধাতুবিধৰ প্ৰতি 10 গ্ৰামত মূল্য আছিল 49,717 টকা ।

আনহাতে, সমান্তৰালভাৱে ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ১,৬০০ টকা হ্ৰাস হৈ ৫৪,৭৬৫ টকা হৈছে । এইচডিএফচি ছিকিউৰিটিজৰ গৱেষণা বিশ্লেষক দিলীপ পাৰমাৰে কয়, "এক্সচেঞ্জ ট্ৰেডেড ফাণ্ডে (Exchange Traded Funds) সোণৰ হ'ল্ডিং হ্ৰাস কৰাৰ পিছত দিল্লীত 24 কেৰেট সোণৰ স্পট সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 435 টকা হ্ৰাস পাইছে ।"

উল্লেখ্য, আন্তৰ্জাতিক বজাৰত (international gold market) সোণৰ মূল্য প্ৰতি আউন্সত 1,615.7 আমেৰিকান ডলাৰ হ্ৰাস পাইছিল ।

আনহাতে, ৰূপৰ মূল্য প্ৰতি আউন্সত 18 আমেৰিকান ডলাৰত হ্ৰাস পাইছিল । কোমেক্সত (COMEX) স্পট সোণৰ মূল্য প্ৰতি আউন্সত 1,615 আমেৰিকান ডলাৰলৈ হ্ৰাস হোৱাৰ ফলত সোণৰ মূল্য হ্ৰাস পাইছিল । যিটো 2020 চনৰ এপ্ৰিল মাহত অন্তিমবাৰ হৈছিল বুলি পাৰমাৰে লগতে কয় ।

লগতে পঢ়ক :আপোনাৰ পৰিয়ালৰ মন্দাৱস্থা প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত সঞ্চয় কৰক

ABOUT THE AUTHOR

...view details