অসম

assam

By

Published : Jul 23, 2023, 5:24 PM IST

ETV Bharat / business

Twitter logo : ইতিহাস হ'ব নেকি টুইটাৰৰ নীলা চৰাইৰ ল'গ' ?

টুইটাৰ ক্ৰয় কৰাৰ পাচৰে পৰা এলন মাস্কে সামাজিক মাধ্যমৰ প্লেটফৰ্মটোত বিভিন্ন ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰি আছে । এইবাৰ তেওঁ টুইটাৰৰ ল'গ' সলনি কৰিবলৈ সাজু হৈছে । নীলা চৰাইৰ ল'গ'ৰ সলনি এক্স ল'গ' স্থাপন কৰাৰ পৰিকল্পনা মাস্কৰ ।

Elon Musk to replace Twitter logo
ইতিহাস হ'ব নেকি টুইটাৰৰ নীলা চৰাইৰ ল'গ'

নিউজ ডেস্ক,২৩ জুলাই : সামাজিক মাধ্যমৰ বৃহৎ প্লেটফৰ্ম টুইটাৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'বলৈ গৈ আছে । শীঘ্ৰে সলনি হ'ব ইয়াৰ ল'গ' । বহু বছৰ ধৰি চিনাকী নীলা চৰাইৰ ল'গ' ইতিহাস হোৱাৰ পথত । টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কে দেওবাৰে ঘোষণা কৰে যে তেওঁ শীঘ্ৰেই মাইক্ৰ'ব্লগিং প্লেটফৰ্মৰ নীলা চৰাইৰ ল'গ'ৰ সলনি 'এক্স'(X) ল'গ' স্থাপন কৰিব ।

মাস্কে এক টুইটত লিখিছে,"আৰু শীঘ্ৰেই আমি টুইটাৰ ব্ৰেণ্ডে লাহে লাহে সকলো চৰাইক বিদায় দিম ।" তেওঁ আন এটা টুইটত লিখিছে, "যদি আজি নিশা এটা ভাল এক্স ল'গ' পোষ্ট কৰা হয়, আমি কাইলৈ বিশ্বজুৰি লাইভ কৰিম ।"

তেওঁ লগতে কৈছে যে সকলোৰে মাজত থকা অপূৰ্ণতাক মূৰ্ত কৰি অদ্বিতীয় কৰি তুলিব । তাৰ পাচত মাস্কে ক'লা বেকগ্ৰাউণ্ডত নীলা চৰাইৰ ল'গ'ৰ এখন ফটো শ্বেয়াৰ কৰে আৰু তাত তেওঁ লিখিছে, "এইটো ভাল লাগিছে কিন্তু এক্স।"

প্ৰায় আধা ঘণ্টাৰ পাচত, তেওঁ 'এক্স' ল'গ'ৰ ওপৰত আলোকপাত কৰা এটা ভিডিঅ' পোষ্ট কৰে । যাৰ দ্বাৰা বৰ্তমানৰ টুইটাৰ নীলা চৰাইৰ ল'গ' সলনি কৰিব বুলি আশা কৰা হৈছে । ডিউচ এক্স বুলিও তেওঁ টুইটত লিখিছে ।

কেইবাজনো টুইটাৰ ব্যৱহাৰকাৰীয়ে মাস্কৰ সিদ্ধান্তৰ ওপৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে । আনহাতে এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, "জুকে অকুলাচৰ সৈতে কৰা ভুলটো নকৰিব, ইয়াৰ সৌন্দৰ্য ধ্বংস নকৰিব আৰু ইয়াক ফেচবুক কৰি নুতুলিব ।" একাংশ ব্যৱহাৰকাৰীয়ে এলন মাস্কৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ।

আন এজনে পোষ্ট কৰিছে যে এতিয়াৰে পৰা আমি টুইটৰ সলনি এক্স কৰিম । ১২ জুলাইত মাস্কে এক্সএআই নামৰ এটা নতুন কৃত্ৰিম বুদ্ধিমত্তা (এআই) কোম্পানী মুকলি কৰিছিল । তাৰ পাচতে মাস্কে এই ঘোষণাটো কৰিছে । এক্সএআই নামৰ এটা নতুন কৃত্ৰিম বুদ্ধিমত্তা (এআই) কোম্পানী উদ্দেশ্য হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আচল প্ৰকৃতি বুজি পোৱা । এই কোম্পানীটোক মাস্কে নেতৃত্ব দিছে আৰু ইয়াত এআইৰ অন্যান্য বৃহৎ প্ৰতিষ্ঠানো অন্তৰ্ভুক্ত আছে । ইয়াৰ ভিতৰত আছে অপেনএআই, গুগল ৰিচাৰ্ছ, মাইক্ৰছফ্ট ৰিচাৰ্ছ আৰু গুগলৰ ডিপমাইণ্ড ।

লগতে পঢ়ক :Twitters logo changed : সলনি হ'ল টুইটাৰৰ ল'গ'

ABOUT THE AUTHOR

...view details