অসম

assam

ETV Bharat / business

Maintain your Credit score : কেনেকৈ ক্ৰেডিট স্ক'ৰ ৮০০ৰ ওপৰত ৰাখিব ?

বেংকে সচৰাচৰ ক্ৰেডিট স্ক'ৰ বেছি থকা লোকসকলক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰে । বেংকে ৮০০ ক্ৰেডিট স্ক'ৰ থকা ব্যক্তিৰ দ্বাৰা লোৱা গৃহ ঋণৰ ওপৰত ৮.৫০ শতাংশ সূতৰ হাৰ আদায় কৰে । একেটা ঋণ কম ক্ৰেডিট স্ক'ৰ থকা লোকসকলৰ বাবে ৮.৮০ শতাংশ সূতত আগবঢ়োৱা হ'ব পাৰে । সেয়ে ক্ৰেডিট স্ক'ৰ ৮০০ ৰ ওপৰত ৰাখিবলৈ কি কৰিব লাগে ।

By

Published : Jun 27, 2023, 1:38 PM IST

Maintain your Credit score
কেনেকৈ ক্ৰেডিট স্ক'ৰ ৮০০ৰ ওপৰত ৰাখিব

নিউজ ডেস্ক,২৭ জুন : আপোনাৰ বিত্তীয় অনুশাসন জোখাৰ বাবে ক্ৰেডিট স্ক'ৰ হৈছে এক মুখ্য মাপ । ক্ৰেডিট স্ক'ৰ ভাল হ'লে আপুনি গৃহ আৰু গাড়ী ঋণৰ ওপৰত সূতৰ ৰেহাই পাব পাৰে । উদাহৰণ স্বৰূপে, এটা ডাঙৰ চৰকাৰী বেংকে ৮০০ স্ক'ৰ সৈতে ব্যক্তিগত গৃহ ঋণৰ ওপৰত ৮.৫০ শতাংশ সূতৰ হাৰ আদায় কৰি আছে । ২০ বছৰৰ বাবে ৫০ লাখ টকাৰ ঋণৰ সূত হ'ব ৫৪.১৩ লাখ টকা ।

একেটা ঋণদাতাই কম ক্ৰেডিট স্ক'ৰ থকা সকলৰ ওপৰত ৮.৮০ শতাংশ সূত আদায় কৰে । অৰ্থাৎ পৰিশোধ কৰিব লগা সূত হ'ব ৫৬.৪২ লাখ টকা । একে সময়তে, অতি কম ক্ৰেডিট স্ক'ৰ থকা লোকসকলৰ বাবে ৯.৬৫ শতাংশ সূত আদায় কৰা হয় । তেতিয়া সূতৰ বোজা হ'ব ৬৩.০৩ লাখ টকা । সেয়েহে, যিসকল আৰ্থিকভাৱে শৃংখলাবদ্ধ তেওঁলোকে দীঘলীয়া সময়ৰ বাবে লাভান্বিত হ'ব ।

সময়মতে পৰিশোধ কৰক (Pay on time)

৮০০ৰ ওপৰত বেছি ক্ৰেডিট স্ক'ৰ ৰাখিবলৈ, ই.এম.আই. আৰু ক্ৰেডিট কাৰ্ডৰ বকেয়া সময়মতে পৰিশোধ কৰাটো বাধ্যতামূলক । যদি আপুনি ভাবে যে নিৰ্ধাৰিত তাৰিখত বিল পৰিশোধ কৰা সম্ভৱ নহয়, বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ পৰিশোধ স্বয়ংক্ৰিয় কৰক । এজন ব্যক্তিয়ে যদি কিছুমান কাৰিকৰী অসুবিধাৰ বাবে নিৰ্দিষ্ট তাৰিখৰ ভিতৰত ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰিব নোৱাৰে । তেতিয়া স্ক'ৰ ৮০০ৰ পৰা ৭৭৬ লৈ হ্ৰাস পাব । তেওঁলোকে পাচত নিয়মীয়াকৈ পৰিশোধ কৰিলেও ই ৭২৭ বা তাৰ অধিক হ্ৰাস হৈ যায় । এটা ভাল ক্ৰেডিট স্ক'ৰ ঘূৰাই পাবলৈ কেইবামাহৰ প্ৰয়োজন হ'ব ।

ব্যৱহাৰ হ্ৰাস কৰক (Reduce consumption)

ক্ৰেডিট সীমালৈকে ব্যৱহাৰ কৰক । কিন্তু, আপোনাৰ ক্ৰেডিট ব্যৱহাৰৰ অনুপাত যিমানে কম হ'ব, আপোনাৰ নম্বৰ সিমানে দ্ৰুতগতিত বৃদ্ধি হ'ব । ধৰি লওক ক্ৰেডিট কাৰ্ডৰ সীমা ১ লাখ টকা । যদি আপুনি প্ৰতি মাহে ১০,০০০ টকা ব্যয় কৰে । তেতিয়া আপোনাৰ ব্যৱহাৰৰ অনুপাত ১০ শতাংশ । আপোনাৰ ব্যৱহাৰ বৃদ্ধি কৰিলে স্ক'ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব । আপোনাৰ ঋণৰ ব্যৱহাৰ ৩০ শতাংশৰ তলত ৰখাটো সদায়েই ভাল ।

নিম্নতম পৰিমাণ (With minimum amount)

নিম্নতম বেলেন্সে আপোনাক অতিৰিক্ত মাচুল পৰিশোধ কৰাৰ পৰা ৰক্ষা কৰিব কিন্তু সূতৰ বোজাৰ পৰা নহয় । বেছিভাগ কাৰ্ডে বেলেন্সৰ ওপৰত প্ৰতি মাহে ২.৫-৪ শতাংশৰ ভিতৰত মাচুল লয় । ইয়াৰ অৰ্থ হৈছে বছৰি ৩০-৫০ শতাংশ । অনিবাৰ্য কাৰণত বিল পৰিশোধ কৰিবলৈ অক্ষম হ'লেহে এই সুবিধাটো ব্যৱহাৰ কৰিব । আপোনাক সেইবোৰৰ প্ৰয়োজন নহ'লেও ঋণৰ বাবে আবেদন নকৰিব । যদি আপুনি এনে কৰে, আপোনাৰ স্ক'ৰ প্ৰভাৱিত হ'ব । যেতিয়া আপোনাক সঁচাকৈয়ে ঋণৰ প্ৰয়োজন হয়, আপোনাৰ যোগ্যতা পৰীক্ষা কৰক আৰু সাৱধানে প্ৰস্তুত হওক । তাৰ পাচতহে আবেদন কৰিব । যদি ইয়াক প্ৰত্যাখ্যান কৰা হয় ইয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰক । তেতিয়াহে নতুন ঋণৰ বাবে আবেদন কৰিব ।

যদি আপোনাৰ ওচৰত পুৰণি কাৰ্ড আছে (If you have an old card)

যদি আপুনি বহু ধৰি আপোনাৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, আপোনাৰ স্ক'ৰ বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰে । গতিকে, ইয়াক খৰখেদাকৈ সলনি বা বাতিল নকৰিব । যদি বাৰ্ষিক মাচুল অধিক হয়, বেংকৰ সৈতে যোগাযোগ কৰক আৰু সেইবোৰ হ্ৰাস কৰিবলৈ কি কৰিব পাৰি জানি লওক । আপোনাৰ ক্ৰেডিট স্ক'ৰ কিছু পৰিমাণে উঠা-নমা হোৱাটো স্বাভাৱিক । কিন্তু এয়া হঠাতে হ'ব পৰে, আপুনি সাৱধান হ'ব লাগিব ।

কোনোবাই আপোনাৰ নামত প্ৰৱঞ্চনাৰে ঋণ লৈছে নেকি পৰীক্ষা কৰক । ঋণৰ বাবে অনুসন্ধান, ই.এম.আই. পৰিশোধ নকৰা, কাৰ্ডৰ বিল পলমকৈ পৰিশোধ কৰা ইত্যাদি পৰীক্ষা কৰক । যদি বিৱৰণত কোনো ভুল আছে, বেংক আৰু ক্ৰেডিট ব্যুৰ'ৰ ওচৰত অভিযোগ কৰক । অনুমোদন নথকা ঋণ একাউণ্টৰ বাবে সতৰ্ক হ'ব । তেতিয়াহে আপোনাৰ ক্ৰেডিট স্ক'ৰ ৮০০ ৰ তললৈ নাহিব ।

কেতিয়াবা প্ৰাপ্য পৰিশোধ সময়ত কৰিব নোৱাৰে আৰু বেংকৰ সৈতে নিষ্পত্তি (পৰিশোধ চুক্তি) কৰা নহয় । বেছিভাগ ক্ষেত্ৰতে ই আপোনাৰ ক্ৰেডিট স্ক'ৰ নষ্ট কৰিব পাৰে । আপুনি নতুন ঋণ ল'ব নোৱাৰিব পাৰে । সেয়েহে, যিমান সম্ভৱ নিষ্পত্তি পৰিহাৰ কৰিব । যদি আপুনি নিষ্পত্তিৰ বাবে যায়, ঋণদাতাৰ পৰা অনুমতি ল'বলৈ নাপাহৰিব ।

লগতে পঢ়ক :Electric vehicle insurance : বৈদ্যুতিক বাহনৰ বীমাৰ কিমান প্ৰয়োজন ?

ABOUT THE AUTHOR

...view details