অসম

assam

ETV Bharat / business

কৰ সন্ত্ৰাস : ভাৰতীয় অৰ্থনীতিৰ বিকাশত ব্যাপক প্ৰভাৱ

ভি. জি. সিদ্ধাৰ্থৰ মৃত্যুয়ে ভাৰতীয় অৰ্থনীতিৰ বিকাশত বাৰুকৈয়ে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ উদ্যোগ বিশেষজ্ঞ সকলে মন্তব্য কৰা অনুসৰি, এই ঘটনাই কৰ ফাঁকিৰ আইনী প্ৰক্ৰিয়াক কেৱল অসাৰ প্ৰতিপন্ন কৰাই নহয়, উদ্যোগপতি আৰু সমগ্ৰ অৰ্থনৈতিক পটভূমিকে সলনি কৰি পেলাইছে ৷ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে হস্তক্ষেপ কৰি সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰা উচিত ৷

By

Published : Aug 2, 2019, 5:38 PM IST

ভি. জি. সিদ্ধাৰ্থ

বিজনেছ ডেস্ক, 2 আগষ্ট : উদ্যোগপতি ভি. জি. সিদ্ধাৰ্থৰ মৃত্যুয়ে পোহৰলৈ আনিছে কৰ্পৰেট জগতত সৃষ্টি হোৱা খামখেয়ালিৰ নানান তথ্য ৷ কৰ ফাঁকিৰ নামত চৰকাৰী কৰ্তৃপক্ষই কৰ্পৰেট জগতক প্ৰদান কৰা নেৰানেপেৰা চাপৰ কাহিনীয়ে সকলোকে হতবাক কৰি তুলিছে ৷ নাটকীয় ধৰণে কেফে কফি ডে' (চিচিডি) ৰ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থৰ সোমবাৰে অন্তৰ্ধান আৰু তাৰ পাছতে কৰ্ণাটকৰ মাংগালুৰুৰ নেত্ৰাৱতী নৈত মৃতদেহ উদ্ধাৰে সমগ্ৰ কৰ্পৰেট জগতকে জোকাৰি গৈছে ৷

উদ্যোগ বিশেষজ্ঞ সকলে মন্তব্য কৰা অনুসৰি, এই ঘটনাই কৰ ফাঁকিৰ আইনী প্ৰক্ৰিয়াক কেৱল অসাৰ প্ৰতিপন্ন কৰাই নহয়, উদ্যোগপতি আৰু সমগ্ৰ অৰ্থনৈতিক পটভূমিকে সলনি কৰি পেলাইছে ৷

মনিপাল গ্ল'বেল এডুকেশ্বনৰ চেয়াৰমেন তথা ইনফ'ছিছৰ প্ৰাক্তন ডাইৰেক্তৰ মোহনদাস পাইয়ে জানিবলৈ দিয়া অনুসৰি, দেশৰ কৰ ন্যায় প্ৰক্ৰিয়াটো ধংসৰ দিশে আগবাঢ়িছে আৰু সময় থাকোতেই প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰা উচিত ৷ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে হস্তক্ষেপ কৰি সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰা উচিত ৷

দেশৰ শেহতীয়া কৰ পৰিস্থিতিয়ে প্ৰতিজন কৰ্পৰেট বিষয়াৰে আৱেগক তীব্ৰ আঘাত দিছে ৷

সিদ্ধাৰ্থই আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা চিঠি খনে সমগ্ৰ বিষয়টো পোহৰলৈ আনিলে ৷ সিদ্ধাৰ্থই চিঠি খনত লিখিছিল - "মোক বিশ্বাস কৰা সকলো লোককে মই ক্ষমা ভিক্ষা খুজিছো ৷ বহু সময় যুজিও আজি মই হাৰি গ'লো যিহেতু আৰু চাপ ল'ব পৰাকৈ মোৰ শক্তি নাই ৷" চিঠি খনত নিজ বন্ধুৰ পৰা বৃহৎ অংকৰ ধন লোৱাৰ কথাও স্বীকাৰ কৰে উদ্যোগপতিজনে ৷

মালিয়াই সিদ্ধাৰ্থলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চিচিডি প্ৰধানজনৰ পৰিস্থিতিক নিজৰ সৈতে সাদৃশ্য থকা বুলি মন্তব্য কৰে ৷

মালিয়াই টুইটৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, "পশ্চিমীয়া দেশত চৰকাৰ আৰু বেংকে ঋণ পৰিশোধ কৰিবলৈ ঋণী জনক সহায় কৰে ৷ কিন্তু মোৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হোৱা দেখা গৈছে ৷"

ABOUT THE AUTHOR

...view details