মোডীৰ দ্বিতীয় কাৰ্যকাল: ষ্ট'ক বজাৰত উত্থান - এক্সিত প'ল
কেন্দ্ৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি সুদৃঢ় চৰকাৰ গঠন হ'বলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক কাণ্ডাৰী আৰু ষ্ট'ক বজাৰত পৰিলক্ষিত হৈছে যোগাত্মক প্ৰভাৱ৷
নিউজ ডেস্ক, 24 মে': বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতেই শুকুৰবাৰে পুৱা ভাৰতীয় ষ্ট'ক বজাৰৰ সূচকাংক অভিলেখ সংখ্যক উৰ্দ্ধগামী হৈ 623 পইণ্ট স্পৰ্শ কৰে৷ ষ্ট'ক বজাৰৰ সূচকাংক এনেদৰে বৃদ্ধি হৈ সৰ্বাধিক 39,434.72 পইণ্টত স্থিৰ হয়৷ ইপিনে, ৰাষ্ট্ৰীয় ষ্টক বজাৰত নিফটিৰ সূচকাংক 187 পইণ্টৰ অগ্ৰগতিৰে 11,844.10 পইণ্টত স্থিৰ হয়৷ বজাৰ বিশ্লেষকসকলে অভিমত প্ৰকাশ কৰা অনুসৰি, মোডী নেতৃত্ত্বাধীন NDA চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰে, দ্বিতীয়টো কাৰ্যকালতো অধিক সুদৃঢ়ভাৱে দেশৰ অৰ্থনীতিক আগবঢ়াই নিব বুলি নিশ্চিত পৰিবেশ গঢ়ি উঠিছে৷