টীয়ক, 1 ডিচেম্বৰঃৰাজ্যত অব্যাহত আছে পিঁয়াজৰ ভয়ংকৰ মূল্যবৃদ্ধি ৷ সাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শোধাই পিঁয়াজৰ দৰ বৃদ্ধি হয় 90 টকালৈ ৷ দেওবাৰে ৰাজ্যৰ বিভিন্ন বজাৰত পিঁয়াজৰ দৰ প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি হয় ৷
ৰাইজক মাধমাৰ শোধাই পিঁয়াজৰ মূল্য প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি - Assam Onion Price Hike Per KG 90 RS
ৰাজ্যত অব্যাহত আছে পিঁয়াজৰ মূল্যবৃদ্ধি ৷ দেওবাৰে ৰাজ্যৰ বিভিন্ন বজাৰত পিঁয়াজৰ দৰ প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি পায় ৷
90ৰ ঘৰত পিঁয়াজৰ মূল্য
যোৰহাট জিলাৰ টীয়ক সাপ্তাহিক বজাৰত দেওবাৰে প্ৰতিকিলো পিঁয়াজৰ দৰ হয় 90 টকা ৷ অসম চৰকাৰৰ লগতে যোগান বিভাগৰ চৰম নিয়ন্ত্ৰণহীনতাৰ বাবে এইদৰে পিঁয়াজৰ মূল্যবৃদ্ধি হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গ্ৰাহক তথা ব্যৱসায়ীসকলে ৷ অতিশীঘ্ৰেই পিঁয়াজৰ এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজ তথা ব্যৱসায়ীসকলে ৷
লগতে পঢ়কঃ পিঁয়াজৰ বৰ্ধিত মূল্যঃ কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপ