অসম

assam

ETV Bharat / business

তিনি দিনত পুনৰবাৰে বৃদ্ধি হ’ল পেট্ৰ’ল ডিজেলৰ মূল্য

বিশ্ব তৈল বজাৰত কেঁচা তেলৰ মূল্য প্ৰতি বেৰেলত 55 ডলাৰ হ্ৰাস পোৱা পিচতেই ভাৰতত তিনি দিনৰ ভিতৰত পুনৰবাৰে বৃদ্ধি কৰা হৈছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷

তিনি দিনত পুনৰবাৰে বৃদ্ধি হ’ল পেট্ৰ’ল ডিজেলৰ মূল্য
তিনি দিনত পুনৰবাৰে বৃদ্ধি হ’ল পেট্ৰ’ল ডিজেলৰ মূল্য

By

Published : Jan 18, 2021, 1:00 PM IST

নিউজ ডেস্ক, 18 জানুৱাৰী :সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য প্ৰতি বেৰেলত 55 ডলাৰলৈ হ্ৰাস হয় ৷ ইয়াৰ পিচতেই তেলৰ মূল্য নিৰ্ধাৰণকাৰী সংস্থাসমূহে খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আৰু ইয়াৰ প্ৰভাৱ ভাৰতীয় বজাৰতো দেখিবলৈ পোৱা গৈছে ৷ যাৰ ফলত বিগত তিনিদিনৰ ভিতৰত ভাৰতত প্ৰতিলিটাৰ পেট্ৰ’ল ডিজেলৰ মূল্য পুনৰবাৰ বৃদ্ধি হৈছে ৷ ভাৰতত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সোমবাৰে 25 পইচা প্ৰতি লিটাৰত বৃদ্ধি হয় ৷

সোমবাৰে ভাৰতীয় বজাৰ (দিল্লী)ত পেট্ৰ’লৰ মূল্য হয় প্ৰতিলিটাৰত ₹84.95 আৰু ডিজেলৰ মূল্য হয় প্ৰতিলিটাৰত ₹75.13 ৷ যদিও পেট্ৰ’ল ডিজেলৰ মূল্য প্ৰতিলিটাৰত 25 পইচাকৈ বৃদ্ধি পাইছে ইয়াৰ পৰিমান কৰৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিব ৷ যাৰ ফলত প্ৰতিখন ৰাজ্যতে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বেলেগ বেলেগ হ’ব ৷

দিল্লীত 2018ৰ 4 অক্টোবৰৰ পিচত এয়া হৈছে পেট্ৰ’লৰ সৰ্বাধিক মূল্য ৷ 2018ৰ 4 অক্টোবৰত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য আছিল ₹84 আৰু একেদৰেই 2020ৰ 7 ডিচেম্বৰত ₹83.71 লৈ মূল্য হ্ৰাস পাইছিল ৷

লগতে পঢ়ক :সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

ABOUT THE AUTHOR

...view details