অসম

assam

ETV Bharat / business

মে' মাহত মাৰুতিৰ বিক্ৰীত অভিলেখ সংখ্য়ক 86 শতাংশৰ হ্ৰাস

লক্ ডাউনৰ মাজতেই বৃহৎ লোকচানৰ সন্মুখীন হৈছে মাৰুতি ছুজুকি ইণ্ডিয়া । সোমবাৰে মাৰুতি ছুজুকি ইণ্ডিয়াৰ মে' মাহত মুঠ 18,539 ইউনিট বিক্ৰীত 86.23 শতাংশ হ্ৰাস পৰিলক্ষিত হয়।

By

Published : Jun 1, 2020, 2:59 PM IST

Maruti records 86 pc slump in May sales at 18,539 units
Maruti records 86 pc slump in May sales at 18,539 units

নতুন দিল্লী, 1 জুনঃ দেশৰ ভিতৰতেই সৰ্বোচ্চ গাড়ী নিৰ্মাণকাৰী কোম্পানী মাৰুতি ছুজুকি ইণ্ডিয়াৰ সোমবাৰে মে' মাহৰ মুঠ 18,539 ইউনিট বিক্ৰীত 86.23 শতাংশ হ্ৰাস ধাৰ্য কৰা হৈছে । ইয়াৰ পূৰ্বে কোম্পানীটোৱে বিগত বৰ্ষৰ মে' মাহত 1,34,641 ইউনিটৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছিল ।

কোম্পানীটোৰ ঘৰুৱা বিক্ৰীৰ ক্ষেত্ৰতো 88.93 শতাংশ নিম্নগামী হৈ যোৱা মাহত 13,888 ইউনিটত উপনীত হৈছে । আনহাতে এই সংখ্য়া বিগত বৰ্ষত আছিল 1,25,552 ইউনিট ।

আনহাতে কোম্পানীটোৱে যোৱা মে' মাহত 4,651 ইউনিট ৰপ্তানি কৰাৰ বিপৰীতে 2019 বৰ্ষৰ মে' মাহত ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল 9,089 ইউনিট । ইয়াৰ তুলনাত কোম্পানীটোৰ এইবাৰ 48.82 শতাংশ ৰপ্তানি হাৰ নিম্নগামী হৈছে । উল্লেখ্য যে, COVID-১৯ৰ ফলত দেশজুৰি চলি থকা লক্ ডাউনৰ ফলতেই এই হ্ৰাস দেখা পোৱা গৈছে ।

বৰ্তমানে কোম্পানীটোৱে যোৱা 12 মে'ৰ পৰা মানেচৰ আৰু 18 মে'ৰ পৰা গুৰুগ্ৰামত চৰকাৰী নিৰ্দেশাৱলীৰ অনুসৰি পুনঃনিৰ্মাণৰ কাম আৰম্ভ কৰিছে বুলি অটো মেজৰে জানিবলৈ দিয়ে । আনহাতে গুজৰাটটো উৎপাদনৰ কাম 25 মে'ৰ পৰা আৰম্ভ কৰা হৈছে । ইপিনে চৰকাৰী নীতি-নিয়ম অনুসৰিয়ে বিভিন্ন ৰাজ্য়ত শ্ব'ৰুম সমূহ খোলা হৈছে বুলি কোম্পানীৰ পৰা সদৰী কৰা হৈছে ।

লগতে চাওকঃ এটা কোৱাৰেণ্টাইন চেণ্টাৰত বাধ্যতামূলক শৰীৰচৰ্চা

ABOUT THE AUTHOR

...view details