নিউজ ডেস্ক, 21 মাৰ্চঃ হোলী উপলক্ষে বৃহস্পতিবাৰে বন্ধ থাকিল ব'ম্বে ষ্টক এক্সেঞ্জ, নেচনেল ষ্টক এক্সেঞ্জকে ধৰি সকলোবোৰ ষ্টক এক্সেঞ্জ ৷ ৰঙৰ উৎসৱৰ দিনটোত কমডিটি মাৰ্কেটকে ধৰি ফৰেক্স ফিউচাৰো বন্ধ ৰখা হ'ল ৷
চলিত সপ্তাহৰ শেহতীয়া তিনিটা ছেচনত ব'ম্বে শ্বেয়াৰ বজাৰৰ সূচাংকত362 অংকউত্থান ঘটিছে৷ আনহাতে নিফ্টিৰ উত্থান ঘটিছে 94 পইন্ট ৷ বিদেশী বিনিয়োগৰ পৰিমানৰ বৃদ্ধি পোৱাৰ বাবেই শ্বেয়াৰ বজাৰত এই উত্থান দেখিবলৈ পোৱা গৈছে ৷ সোমবাৰৰ দিনা চেনচেক্স বিগত ছমাহৰ ভিতৰত সৰ্বাধিক 38,095 পইন্টত উপনীত হয় ৷