অসম

assam

ETV Bharat / business

দুদিনৰ ভিতৰত বিনিয়োগকাৰীৰ সম্পত্তি 3.86 কোটি টকা বৃদ্ধি - Investors' wealth rises by Rs 3.86 lakh crore in two days of market rally

872 পইন্টত ছেনছেক্স উৰ্দ্ধগামী হোৱাৰ দুদিনৰ ভিতৰতে বিনিয়োগকাৰীৰ সম্পত্তি 3.86 কোটি টকা বৃদ্ধি হৈছে ৷

দুদিনৰ ভিতৰত বিনিয়োগকাৰীৰ সম্পত্তি 3.86 কোটি টকা বৃদ্ধি

By

Published : May 28, 2019, 7:30 PM IST

নতুন দিল্লী, 28 মে': সদ্য ঘোষিত লোকসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ পিচতে 872 পইন্টত ছেনছেক্স উৰ্দ্ধগামী হোৱাৰ দুদিনৰ ভিতৰতে বিনিয়োগকাৰীৰ সম্পত্তি 3.86 কোটি টকা বৃদ্ধি হৈছে ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে বম্বে ষ্টক একচেঞ্জৰ 30 শ্বেয়াৰ ইনডেক্স 871.9 পইণ্টত স্থিৰ হয় ৷ সোমবাৰে শ্বেয়াৰ মাৰ্কেট ছেনছেক্স ১৪২১ পইন্টৰ পৰা ৩৯৩৫২ লৈ বৃদ্ধি পোৱা পৰিলক্ষিত হয় ।

সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্বেয়াৰ বজাৰৰ মুখ্য বিষয়া হেমাঙ্গ জানীয়ে প্ৰকাশ কৰা অনুসৰি, বিজেপিৰ বৃহৎ জয়ে দেশৰ ৰাজনৈতিক পৰিস্থিতি উন্নত কৰাৰ লগতে ভাৰতীয় ব্যৱসায়িক বজাৰখন ধনাত্মকভাৱে অন্ত পৰিব বুলি উল্লেখ কৰে ৷

আনহাতে, সোমবাৰে ভাৰতীয় টকাৰ মূল্য ১ ড’লাৰৰ বিপৰীতে ৬৯.৬০ টকা হয় । শ্বেয়াৰ মাৰ্কেটৰ এই উত্থানৰ বাবে লাভাৱান্বিত হৈছে আদানী এণ্টাৰপ্ৰাইজ, ইণ্ডিয়ান টেলিফোন ইণ্ডাষ্ট্ৰিছ, আদানী গ্ৰীণ এণ্ড ইণ্ডিয়া বুলছ ৰিয়েলষ্টেট আদি কোম্পানীসমূহ ।

ABOUT THE AUTHOR

...view details