অসম

assam

ETV Bharat / business

২ বিলিয়ন আমেৰিকান ডলাৰ লোকচানৰ সম্ভাৱনা ভাৰতীয় ম'বাইল কোম্পানীৰ - কৰ'ণা ভাইৰাছ

কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপে বিশ্ব তথা দেশৰ অৰ্থনীতিত পেলাইছে কু প্ৰভাৱ । সমীক্ষাত পোহৰলৈ আহিছে ২ বিলিয়ন আমেৰিকান ডলাৰ লোকচানৰ সন্মুখীন হ'ব পাৰে ভাৰতীয় ম'বাইল কোম্পানী ।

২ বিলিয়ন আমেৰিকান ডলাৰ লোকচানৰ সম্ভাৱনা ভাৰতীয় ম'বাইল কোম্পানীৰ
২ বিলিয়ন আমেৰিকান ডলাৰ লোকচানৰ সম্ভাৱনা ভাৰতীয় ম'বাইল কোম্পানীৰ

By

Published : Apr 3, 2020, 4:35 PM IST

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ দেশত এতিয়া লক ডাউন । ২১ দিনৰ বাবে দেশত ঘোষণা হৈছে লক্ ডাউনৰ । কোভিড-১৯ মহামাৰী প্ৰতিৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ লগে-লগে দেশৰ অৰ্থনীতি পৰিছে ব্যাপক প্ৰভাৱ । এক সমীক্ষাত পোহৰলৈ আহিছে প্ৰায় ২ বিলিয়ন আমেৰিকান ডলাৰ লোকচানৰ সন্মুখীন হ'ব পাৰে ভাৰতৰ ম'বাইল কোম্পানী সমূহ । এই সমীক্ষা চলাইছে কাউণ্টাৰপইণ্ট ৰিচাৰ্জে । য'ত কোৱা হৈছে স্মাৰ্ট ফোন নিৰ্মাণ কৰা কোম্পানীৰ ম'বাইল ফোন বিক্ৰীত মাৰ্চ এপ্ৰিল মাহত যথেষ্ট হ্ৰাস পাব ।

মাৰ্চ মাহৰ মাজলৈ ভাইৰাছৰ প্ৰকোপ ভাৰতত কিছু পৰিমাণে কম আছিল যদিও লক্ ডাউনৰ প্ৰভাৱ বাৰুকৈ পৰিলক্ষিত হ'ব ।

ইয়াৰ লগতে স্মাৰ্টফোনৰ ৰপ্তানি (Smartphone Shipment) বিগত বৰ্ষৰ ১৫৮ মিলিয়ন ইউনিটৰ তুলনাত এইবাৰ অৰ্থাৎ ২০২০ চনত ৩ শতাংশ হ্ৰাস পাই ১৫৩ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে ।

লক্ ডাউনে সৰ্বাত্মক প্ৰভাৱ পেলাইছে । যদিহে লক্ ডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হয় তেন্তে লোকচানৰ পৰিমাণ আৰু অধিক হ'ব বুলি উল্লেখ কৰে কাউণ্টাৰপইণ্ট ৰিচাৰ্জৰ সহকাৰী নিৰ্দেশক তৰুণ পাঠকে ।

ধোনী, গেৰী কীৰ্ষ্টেনে দলত বিচৰা নাছিল বিৰাট কোহলিক !

ABOUT THE AUTHOR

...view details