নিউজ ডেস্ক, 22 এপ্ৰিলঃ ভাৰতে অপৰিশোধিত তেলৰ মূল্য হ্ৰাস পোৱাৰ এই সুযোগৰ সদব্যৱহাৰ কৰিব লাগে বুলি প্ৰকাশ কৰিছে ভাৰতৰ প্ৰাক্তন পেট্ৰলিয়াম সচিব এচ চি ত্ৰিপাঠীয়ে । বিশ্বৰ বজাৰত হ্ৰাস পোৱা খাৰুৱা তেলৰ প্ৰসংগত তেওঁ কয় যে,তেলৰ দাম কমি থাকোতেই ভাৰতে কৌশলগত সংৰক্ষণ ব্যৱস্থা বৃদ্ধি কৰি ভাৰতত তেল সংৰক্ষণৰ পৰিমাণ অধিক বৃদ্ধি কৰিব লাগে। ত্ৰিপাঠীয়ে ইটিভি ভাৰতৰ সৈতে সোমবাৰে এক বাৰ্তালাপত এইদৰে কয় ।
উল্লেখ্য যে, সমগ্ৰ বিশ্বতে হ্ৰাস পাইছে তেলৰ মূল্য । কৰ'ণা ভাইৰাছ মহামাৰীৰ লগতে বিভিন্ন কাৰকে প্ৰভাৱ পেলাইছে এই মূল্য হ্ৰাসত । আমেৰিকা যুক্তৰাষ্ট্ৰত অপৰিশোধিত খাৰুৱা তেলৰ মূল্য মে' মাহৰ বাবে প্ৰতি বেৰেলত 36.73 আমেৰিকান ডলাৰ ধাৰ্য কৰা হৈছিল । কিন্তু লক্ষণীয়ভাৱে জুনৰ মাহৰ বাবে অৰ্ডাৰ কৰা তেলৰ বাবে এই মূল্য হ্ৰাস হৈ প্ৰতি বেৰেলত 20 আমেৰিকান ডলাৰ হয় । ইতিহাসত ইমান পৰিমাণৰ মূল্য হ্ৰাস এয়াই প্ৰথম ।