ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰই কঢ়িয়াই আনিছে এক আশাৰ বতৰা - গোলকগঞ্জ
প্ৰতিদিনে সোনাহাট বাণিজ্য কেন্দ্ৰৰ পৰা এক মোটা অংকৰ বিদেশী বিনিয়োগ লাভ কৰিছে যদিও আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোলৈ যোৱা মূল পথৰ দুৰৱস্থাই দীৰ্ঘদিনে জ্বলাকলা খুৱাইছে ৰাইজৰ লগতে ব্যৱসায়ীসকলক । এই পথছোৱাৰ মেৰামতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পথটো আহল-বহল কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ তথা ব্যৱসায়ীসকলে ।
ধুবুৰী,26এপ্ৰিল: ২০১৪ চনতে আৰম্ভ হোৱা ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ গোলকগঞ্জৰ এই সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰইদি সম্পূৰ্ণ বৈধ ভাবে ভাৰতৰ বনজ সম্পদ শিল আৰু কয়লা ৰপ্তানি হৈ আহিছে বাংলাদেশলৈ । এক তথ্য অনুসৰি বৰ্তমান ১৮০ ৰ পৰা ২০০ খন ট্ৰাক শিল আৰু কয়লা ৰপ্তানী হোৱাৰ ফলত প্ৰতিদিনে ভাৰত চৰকাৰে লাভ কৰিছে প্ৰায় ২০ হাজাৰ ডলাৰ । ইপিনে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা এই ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰইদি অচিৰেই ভাৰত আৰু বাংলাদেশৰ মাজত গঢ়ি উঠিব খাদ্য সামগ্ৰীৰ বিনিময় ব্যৱস্থা৷ জানিব পৰা মতে ভাৰত আৰু বাংলাদেশৰ মাজত খাদ্য সামগ্ৰী বিনিময়ৰ ক্ষেত্ৰত হৈছে এক বিশেষ আলোচনা । সেই অনুসৰি ভাৰতৰ পৰা প্ৰায় দহ বিধ খাদ্য সামগ্ৰী ৰপ্তানি হোৱাৰ বিপৰীতে বাংলাদেশৰ পৰাও ভাৰতলৈ আমদানি হ'ব বিভিন্ন খাদ্য সামগ্ৰী ।